চাৰিচকীয়া গাড়ী চলাইছে, কিন্তু মূৰত পিন্ধি লৈছে হেলমেট! প্ৰথমে দেখিলে আচৰিত যেন লাগিব পাৰে। কিন্তু এই আজৱ কাণ্ডৰ আঁৰত আছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। পথ দুৰ্ঘটনাৰ পৰা নিজকে বচাবলৈ সুৰক্ষাৰ কথা কিমান জৰুৰী, সেই কথা সোঁৱৰাই দিবলৈকে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে পাঠশালাৰ এজন ব্যক্তিয়ে।
ব্যক্তিগৰাকীৰ নাম দীপাংকৰ চৌধুৰী। শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোৱে তেওঁক গভীৰভাৱে জোকাৰি গৈছিল। তাৰ পিছতে মানুহৰ মাজত পথ সুৰক্ষাৰ সজাগতা সৃষ্টি কৰিবলৈ তেওঁ এই ব্যতিক্ৰমী পন্থা বাছি লয়।
উল্লেখ্য যে, চাৰিচকীয়া গাড়ী চলোৱাৰ সময়ত চালকে হেলমেট পিন্ধাটো বাধ্যতামূলক নহয়। কিন্তু দীপাংকৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে দুচকীয়া বাহনৰ চালকসকলক সুৰক্ষাৰ কথা সোঁৱৰাই দিয়া। তেওঁৰ মতে, দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট পিন্ধাটো অভ্যাসত পৰিণত কৰিব লাগে। অলপ অসাৱধানতাৰ বাবেই জীৱনৰ বাবে ডাঙৰ বিপদ মাতি আনিব পাৰে।
তেওঁ সকলো বাইক চালকক হেলমেট পিন্ধি বাহন চলাবলৈ আহ্বান জনাইছে। লগতে দ্ৰুতগতিত বাহন নচলাবলৈ আৰু নিজৰ সুবিধাতকৈ জীৱনৰ সুৰক্ষাক অধিক গুৰুত্ব দিবলৈও আহ্বান জনায়।
আনহাতে, অসম চৰকাৰে হেলমেট পিন্ধা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লৈছে দীপাংকৰে। কিন্তু কেৱল আইন প্ৰণয়ন কৰিলেই পথ দুৰ্ঘটনা কমাব পৰা নাযায় বুলি তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ বাবে প্ৰতিজন চালকৰ মাজত সজাগতা আৰু দায়িত্ববোধ গঢ়ি তোলাটোও সমানেই প্ৰয়োজনীয়।
গাড়ী চলাওঁতে হেলমেট পিন্ধা কথাটো হয়তো বহুতৰে বাবে হাঁহিৰ বিষয় হ’ব পাৰে। কিন্তু দীপাংকৰৰ এই পদক্ষেপৰ আঁৰৰ বাৰ্তাটো যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ, পথত অলপ সাৱধানতা আৰু সুৰক্ষাৰ প্ৰতি সামান্য গুৰুত্বই কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে।





