পুনৰ আইনী মেৰপেঁচত পৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠী। ২০১৮ চনৰ এটা পুৰণি মানহানিৰ গোচৰত সোমবাৰে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ এখন আদালতে। বিকাশ সংস্কৃতায়ন নামৰ এজন ব্যক্তিয়ে দাখিল কৰা গোচৰৰ ভিত্তিত আদালতে এই নিৰ্দেশ দিয়ে।
অভিযোগ অনুসৰি, বৰ্তমান জাৰ্মানীত বসবাস কৰা ধ্ৰুৱ ৰাঠীয়ে ‘বিজেপি আইটি চেল পাৰ্ট ২’ শীৰ্ষক এটা ভিডিঅ’ নিজৰ ইউটিউব চেনেলত প্ৰকাশ কৰিছিল। ভিডিঅ’টোত অভিযোগকাৰী বিকাশৰ বিৰুদ্ধে কেইবাটাও মিছা আৰু মানহানিকৰ অভিযোগ উত্থাপন কৰা হৈছিল বুলি দাবী কৰিছে তেওঁ।
সোমবাৰে দিল্লীৰ সাকেত আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ আনাম ৰইছ খানে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ৩ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। অৱশ্যে, গোচৰটোৰ মূল বিচাৰকগৰাকী সোমবাৰে ছুটীত থকাৰ বাবে ডিউটি মেজিষ্ট্ৰেটে এই নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত অক্টোবৰ মাহতো ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ ৰাহুল জৈনে। সেই সময়ত আদালতক জনোৱা হৈছিল যে ধ্ৰুৱ ৰাঠীৰ নামত জাননী প্ৰেৰণ কৰা হৈছিল যদিও তেওঁৰ বাসগৃহ বা নিৰ্ধাৰিত ঠিকনাটো তলা লগোৱা অৱস্থাত পোৱা গৈছিল।
অভিযোগকাৰী বিকাশৰ আবেদনৰ পিছতে গোচৰটোৰ শুনানি আগুৱাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তেওঁৰ যুক্তি আছিল যে ধ্ৰুৱ ৰাঠী সাধাৰণতে বিদেশত থাকে যদিও সেই সময়ত তেওঁ ‘চিজেপি’ আন্দোলন সম্পৰ্কীয় বিষয়ত ভাৰতলৈ আহিছিল।
অভিযোগকাৰীয়ে আদালতত জনোৱা মতে, ধ্ৰুৱ ৰাঠী বিদেশত থকাৰ কাৰণে বিগত কেইবাবছৰ ধৰি তেওঁলৈ আদালতৰ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত পলম হৈ আহিছিল। সেয়ে গোচৰটোৰ শুনানি আগবঢ়াবলৈ নতুনকৈ জাননী জাৰি কৰাৰ আবেদন জনাইছিল তেওঁ। লগতে হাৰিয়ানাত ধ্ৰুৱ ৰাঠীৰ বাসগৃহৰ ঠিকনা তেওঁৰ হাতত থকা বুলিও আদালতক অৱগত কৰিছিল।
অভিযোগকাৰীৰ এই আবেদনৰ ভিত্তিতে প্ৰথমে নতুনকৈ জাননী জাৰি কৰা হয়। পৰৱৰ্তী সময়ত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনযোগ্য পৰোৱানা জাৰি কৰাৰ পিছত সোমবাৰে আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।





