• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2026 5:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপাল অবিহনে ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য আধৰুৱা বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে  নতুন দিল্লীত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে হোৱা দ্বিপাক্ষিক আলোচনাৰ পিছত এই মন্তব্য কৰে মোদীয়ে। ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘নেপাল অবিহনে আমাৰ ৰামো আধৰুৱা।’

দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অযোধ্যা আৰু নেপালৰ জনকপুৰ ধামৰ মাজত নতুন ৰে’লসেৱা ‘সৰযূ–কমলা এক্সপ্ৰেছ’ৰো শুভাৰম্ভ কৰা হয়। ভাৰতীয় ৰে’লৱেৰ এই নতুন সেৱাই উত্তৰ প্ৰদেশৰ অযোধ্যাক নেপালৰ জনকপুৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। দুয়োখন দেশৰ ধৰ্মীয় পৰ্যটন আৰু যাতায়াত ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰাই দিয়ে যে ২০১৮ চনত তেওঁৰ জনকপুৰ ভ্ৰমণৰ সময়তো ভাৰত আৰু নেপালৰ ধৰ্মীয় সম্পৰ্কৰ কথা উল্লেখ কৰি একেধৰণৰ মন্তব্য কৰিছিল। তেওঁ কয় যে ভাৰত আৰু নেপালৰ সম্পৰ্ক কেৱল দুখন চুবুৰীয়া দেশৰ কূটনৈতিক সম্পৰ্কতে সীমাবদ্ধ নহয়। দুয়োখন দেশৰ ইতিহাস, বিশ্বাস, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত থকা নিবিড় সম্পৰ্কই এই বন্ধন অধিক শক্তিশালী কৰি তুলিছে। ৰাম আৰু সীতাৰ কাহিনী দুয়োখন দেশৰ উমৈহতীয়া সভ্যতা আৰু বিশ্বাসৰ প্ৰতীক বুলিও মন্তব্য কৰে মোদীয়ে।

ৰে’লৱেৰ সূত্ৰ অনুসৰি, প্ৰায় ৬০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ সংযোগ কৰিব। গোৰখপুৰ, বস্তি, ৰাক্সৌল, সীতামঢ়ী, মধুবনী আৰু জয়নগৰকে ধৰি কেইবাটাও ষ্টেচনত ৰখাব এই ৰে’লগাড়ীখন। যাত্ৰাৰ বাবে প্ৰায় ১৯ ঘণ্টা সময় লাগিব। সপ্তাহত এবাৰ চলাচল কৰিবলগীয়া ৰে’লখন অযোধ্যাৰ পৰা সোমবাৰে আৰু জনকপুৰৰ পৰা শনিবাৰে যাত্ৰা আৰম্ভ কৰিব।

ইফালে, ভাৰত আৰু নেপালৰ অৰ্থনৈতিক তথা উন্নয়নমূলক সহযোগিতা বৃদ্ধিৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নেপালৰ পুনৰ্নিৰ্মাণ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বাবে ২৪ হাজাৰ কোটি নেপালী টকাৰ উন্নয়ন সহযোগিতা পেকেজ ঘোষণা কৰে ভাৰতে। বানপানীত ক্ষতিগ্ৰস্ত নেপালৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰতো ভাৰতে সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে মোদীয়ে।

ইয়াৰ উপৰি উত্তৰাখণ্ড আৰু নেপালৰ মাজত ধাৰচুলা পথ-সেতু মুকলি কৰাৰ লগতে বানবাসাত সংহত পৰীক্ষণ কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। নেপালৰ জলবিদ্যুৎ খণ্ডৰ উন্নয়নৰ বাবেও সহযোগিতা অব্যাহত ৰখাৰ কথা ঘোষণা কৰে ভাৰতে। লগতে নেপালৰ বাণিজ্যিক যাতায়াতৰ সুবিধাৰ বাবে ভাৰতৰ কাণ্ডলা আৰু পাৰাদ্বীপ বন্দৰ ব্যৱহাৰৰ সুবিধা প্ৰদানৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

November 23, 2026 5:08 pm
১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

November 23, 2026 4:31 pm
যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

November 23, 2026 3:38 pm
মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

November 23, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

‘নেপাল অবিহনে ৰামো আধৰুৱা’, বলেন্দ্ৰ শ্বাহক কাষত লৈ আৰু কি কি ক’লে নৰেন্দ্ৰ মোদীয়ে?

November 23, 2026 5:08 pm
১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

November 23, 2026 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd