শিল্পীপ্ৰাণ চঞ্চল দে আৰু বীণা দেৰ সশ্ৰদ্ধ সোঁৱৰণত আৰু বীণা দে মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দেওবাৰে উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিশিষ্ট সুৰকাৰ তথা কন্ঠশিল্পী জে পি দাসৰ সৈতে এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন কৰা হয়।
ৰাজ্যৰ ১৫ গৰাকী ন-পুৰণি শিল্পীৰ কন্ঠত শিল্পী গৰাকীৰ সুৰাৰোপিত আৰু কিছু নিজে কন্ঠদান কৰা গীত তেওঁৰ উপস্থিতিত শিল্পীসকলে পৰিৱেশন কৰে।
অনুষ্ঠানটোৰ আকৰ্ষণীয় এটা দিশ আছিল শিল্পী গৰাকীয়ে গীতৰ মাজে মাজে সুৰ সৃষ্টিৰ পটভূমি বৰ্ণনা কৰি নষ্টালজিক হৈ পৰিছিল। শিল্পী গৰাকীয়ে তেওঁৰ গীতত সুহুৰিৰ উপস্থিতিৰ সম্পৰ্কত কয় যে শ্বিলংত পঢ়ি থাকোঁতে এটা চৰাইয়ে তেওঁক সুহুৰিয়াই জোকাইছিল আৰু তেওঁ চৰাইটোৰ লগে লগে সুহুৰিয়াই ঘৰ পাইছিল। পিছত সেই সুহুৰি তেওঁৰ কিছুমান গীতত সংযোজিত হৈ পৰে।
কন্ঠশিল্পী ময়ূখ হাজৰিকাই জে পি দাক কাকা আৰু আপোনসুলভভাৱে তই বুলি সম্বোধন কৰিছিল। তেওঁ কয় যে তেওঁৰ গীতবোৰ কোনো এটা সময়ৰ বাবে নহয়, বিপৰীতে গীতবোৰ সকলো সময়ৰ বাবে আৰু সকলো প্ৰজন্মৰ বাবে। সেয়ে গীতবোৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে।
বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞাই কিদৰে অভিযন্তা চঞ্চল দে পশ্চিম বংগৰ মালদহৰ পৰা অসমত চাকৰি কৰিবলৈ আহি অসমৰ কৃষ্টি সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু শিৱসাগৰৰ বীণা বৰকটকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অসমতে নিগাজী হৈ পৰে সেই কথা দোহাৰে। পিছলৈ তেওঁ চাকৰি বাদ দি ব্যৱসায়ত জড়িত হয়। কলা সংস্কৃতিৰ লগতে টেকনিক’ৰ দৰে প্ৰতিষ্ঠানৰ জন্ম দিয়ে যিটো বৰ্তমান তেখেতৰ সুপুত্ৰদ্বয় প্ৰভাকৰ আৰু দিবাকৰে পৰিচালনা কৰি আছে।
বিশিষ্ট সংগীতকাৰ ৰমেন চৌধুৰীয়ে এই সুন্দৰ অনুষ্ঠানটো প্ৰকৃততে জলসা বুলি অভিহিত কৰে য’ত আছিল অন্তৰংগ আলাপৰ লগতে সুৰীয়া গীতৰ ঝংকাৰ। এনেকুৱা পৰিবেশত এন্ধাৰতো সকলো দৃশ্যমান হৈ উজলি উঠে বুলি তেওঁ অনুভৱ ব্যক্ত কৰে। জে পি দাই সকলো ক্ষেত্ৰতে গোন্ধৰ উপস্থিতি অনুভৱ কৰে বুলি কৰা মন্তব্যৰ উল্লেখ কৰি তেওঁ কয় যে যিজন ব্যক্তিয়ে গীতৰ মাজত গোন্ধ পায়, সুৰত গোন্ধ পায়, প্ৰেমত গোন্ধ পায় সেইজন ব্যক্তিৰ নামেৰে এটা পাৰফিউমৰ ব্ৰেণ্ড আৰম্ভ কৰাটো অতি প্ৰয়োজনীয় কাম বুলি তেওঁ ভাৱে।
এই সুন্দৰ গীতবোৰত কন্ঠদান কৰা শিল্পী সকল আছিল ক্ৰমে দিলীপ দাস, শিৱানী বৰুৱা, ময়ুখ হাজৰিকা, ৰূপম ভূঞা, সৌৰভ মহন্ত, প্ৰশান্ত ৰাজখোৱা, বৰ্ণালী দাস, দিগন্ত গোস্বামী, জিন্টি দাস (অসুস্থতাৰ বাবে অনুপস্থিত), প্ৰতীক্ষা ডেকা, নাইচা শৰ্মা, নিতিন দাস, ৰুচিতা শইকীয়া, উদ্দীপ্ত কৌশিক আৰু নিবাৰণ জ্যোতি বৰ্মন।
ইয়াৰ মাজতে অতিথি শিল্পী মনজোৎস্না মহন্তই নিজৰ অনুভৱ আৰু এটি গীত পৰিৱেশন কৰে। শিল্পী গৰাকীৰ জীয়ৰী উপস্থিত থাকিব নোৱাৰিলে যদিও পুত্ৰ নিতিন দাসে পিতৃৰ ভাল লগা এটি গীত গাই সকলোকে সন্মোহিত কৰে য’ত পুত্ৰৰ সৈতে পিতৃয়েও গীতত সহযোগ কৰে।
জে পি দাই সংগীত অনুষ্ঠান পৰিৱেশন কৰা শিল্পী সকলৰ সৈতে বাদ্যযন্ত্ৰ সংগত কৰা শিল্পী সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথাও সোঁৱৰাই দিয়ে।
এই সমগ্ৰ অনুষ্ঠানটোৰ মুখ্য পৰিকল্পনাকাৰী আছিল প্ৰতিষ্ঠিত শিল্পী মিতালী দে আৰু প্ৰভাকৰ দে। লগতে পৰিয়ালৰ লোকসকলৰ সহযোগত সংগীত প্ৰেমীসকলে এটা সুন্দৰ অনুষ্ঠান লাভ কৰিলে।
অনুষ্ঠানটো আদিৰ পৰা অন্তলৈকে সাৱলীল শব্দ আৰু ভাষাৰ প্ৰয়োগেৰে এটা সুন্দৰ কবিতাৰ দৰে আঁত ধৰে বিশিষ্ট কবি অতনু ভট্টাচাৰ্যই।





