• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

তদন্তৰ সময়ত সকলো প্ৰমাণ পৰীক্ষা কৰি আৰক্ষীয়ে গম পালে যে কবিতা আৰু তেওঁৰ দুই সহযোগী ত্ৰিলোচন আৰু যুৱৰাজে সুদামক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2026 1:07 pm
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুই প্ৰেমিকৰ সৈতে মিলি ষড়যন্ত্ৰ কৰি এগৰাকী মহিলাই স্বামীক হত্যা কৰাৰ অভিযোগ উঠিছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ওড়িশাৰ সুৱৰ্ণপুৰ জিলাত। আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনৰ নাম সুদাম নাগ।

আৰক্ষীয়ে অভিযোগ কৰে যে সুদামৰ পত্নী কবিতা নাগে স্বামীক হত্যা কৰিবলৈ সোণৰ মংগলসূত্ৰ বন্ধকত থৈ পোৱা ধনেৰে পিষ্টল কিনিছিল। আৰক্ষীয়ে হত্যাৰ অভিযোগত কবিতা আৰু তেওঁৰ দুই প্ৰেমিক ত্ৰিলোচন বাগ আৰু যুৱৰাজ সাউক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, যুৱৰাজৰ কবিতাৰ সৈতে সুদীৰ্ঘ ১২ বছৰ ধৰি সম্পৰ্ক আছিল। ইয়াৰ পিছতো তেওঁ সুদামক বিয়া কৰাইছিল। বিয়াৰ পিছত কবিতাৰ ত্ৰিলোচন বাগ ওৰফে টিংকু ওৰফে টিকচন্দৰৰ সৈতেও প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।

Apply Now

আৰক্ষীয়ে জনোৱা মতে, ত্ৰিলোচনে কেইবাবাৰো কবিতাৰ ঘৰলৈ গৈছিল। এই কথাত আপত্তি কৰে সুদামে। সুদামে কবিতাক ত্ৰিলোচনৰ লগত সম্পৰ্ক ৰখাত মানা কৰিছিল। দুয়োৰে মাজতো অশান্তিৰ সৃষ্টি হৈছিল। সেই অশান্তিৰ বাবেই কবিতা, যুৱৰাজ আৰু ত্ৰিলোচনে সুদামক হত্যা আৰু হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, কবিতাই ত্ৰিলোচনৰ জৰিয়তে এখন দোকানত সোণৰ মংগলসূত্ৰ বন্ধকত থৈ ৪৫ হাজাৰ টকা লাভ কৰিছিল। সেই টকাৰে ৰৌৰকেলাৰ এজন ব্যক্তিৰ জৰিয়তে এটা দেশত নিৰ্মিত পিষ্টল আৰু গুলী ক্ৰয় কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বন্দুক আৰু গুলীৰ মূল্য নগদ ধন আৰু অনলাইন যোগে দিয়া হৈছিল।

ইফালে সুলোচনে সুদামৰ গতিবিধিৰ ওপৰত চকু ৰাখিছিল। আৰক্ষীয়ে জনোৱা মতে যুৱৰাজে কবিতাক ফোন কৰি সুদামৰ বিষয়ে আপডেট দিছিল। আৰু  কবিতাই সেইদৰে ত্ৰিলোচনক সুদামৰ গতিবিধিৰ বিষয়ে হোৱাটছএপৰ জৰিয়তে অৱগত কৰিছিল। কেইবাদিনো নিৰীক্ষণৰ অন্তত ১৭ নৱেম্বৰত সুবৰ্ণপুৰৰ পংকেল চক এলেকাত ত্ৰিলোচনে সুদামৰ ওপৰত আক্ৰমণ চলায়।

জানিব পৰা মতে, প্ৰথমে সুদামৰ ওপৰত দুই ৰাউণ্ড গুলীচালনা কৰা হৈছিল। আহত হোৱাৰ পিছত যেতিয়া সুদাম পথত বাগৰি পৰে তেতিয়া আৰু দুই ৰাউণ্ড গুলীচালনা কৰা হয়। তেওঁৰ থিতাতে মৃত্যু হয়।

আৰক্ষীৰ সন্দেহৰ পৰা হাত সাৰিবলৈ কবিতাই সুদামক হত্যাৰ অভিযোগত থানাত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত তদন্তৰ সময়ত সকলো প্ৰমাণ পৰীক্ষা কৰি আৰক্ষীয়ে গম পালে যে কবিতা আৰু তেওঁৰ দুই সহযোগী ত্ৰিলোচন আৰু যুৱৰাজে সুদামক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

তদন্তৰ সময়ত আৰক্ষীয়ে সুদামৰ মোবাইল ফোনটো জব্দ কৰে। তদুপৰি আৰু ৫টা মোবাইল ফোন, দুখন মটৰবাইক আৰু আগ্নেয়াস্ত্ৰটো উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

November 23, 2026 1:07 pm
বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

বাংলাদেশ অভিমুখী বৃহৎ বিস্ফোৰক সামগ্ৰী ভৰ্তি চীনৰ জাহাজ জব্দ, লক্ষ্য কি?

November 23, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd