NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেন বিবাদ: যুদ্ধবিৰতিৰ আহ্বান ইউক্ৰেন ৰাষ্ট্ৰপতিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2022 8:30 pm
Russia-Ukraine

ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা ৰাছিয়া-ইউক্ৰেন বিবাদৰ ফলশ্ৰুতিত যুদ্ধৰ সম্ভাৱনীয়তা বৃদ্ধি পোৱাৰ সময়তে আজি ইউক্ৰেনৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধবিৰতিৰ আহ্বান জনাইছে।

ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আজি দেশখনৰ পূব অংশত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায়।

শেহতীয়াকৈ এই অঞ্চলটোত ৰাছিয়া আৰু ইউক্ৰেন উভয়পক্ষৰে সেনা বাহিনীৰ সঞ্চালন বৃদ্ধি পাইছিল।

ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে ইউক্ৰেনে ত্ৰিপাক্ষিক যোগাযোগ গোট (TCG)ৰ ভিতৰত শান্তি আলোচনা সমৰ্থন কৰে।

উল্লেখ্য যে এই গোটত ইউক্ৰেন, ৰাছিয়া আৰু ইউৰোপত নিৰাপত্তা আৰু সহযোগিতা সংস্থা(OSCE)ই অংশগ্ৰহণ কৰে।

“আমি শান্তি প্ৰক্ৰিয়া তীব্ৰতৰ কৰাৰ বাবে সাজু। আমি তাৎক্ষণিকভাৱে শান্তি প্ৰৱৰ্তনক সমৰ্থন জনাইছো।” জেলেনস্কিয়ে কয়।