NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ক’ভিদত আক্ৰান্ত ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2022 7:39 pm
Queen Elizabeth II

ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ ক’ভিদ-১৯ ত আক্ৰান্ত হৈছে। অৱশ্যে তেওঁৰ স্বাস্থ্যক লৈ বিশেষ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে বাকিংহাম পেলেচে।

ৰাজভৱনে জনোৱা অনুসৰি ৰাণীৰ শৰীৰত ক’ভিদৰ সুক্ষ্ম লক্ষণ ধৰা পৰিছে।

৯৫ বছৰীয়া ৰাণীয়ে অৱশ্যে নিজৰ ক্ষুদ্ৰ দায়িত্ব পালন কৰি যাব বুলিও ৰাজভৱনে সদৰি কৰে।

বৰ্তমান ৰাণীৰ চিকিৎসা সেৱা অব্যাহত আছে আৰু সকলো উপযুক্ত নিৰ্দেশনা অনুসৰণ কৰিছে বুলি জনোৱা হৈছে।

উল্লেখ্য যে ৰাণীয়ে কৰ’ণা ভাইৰাছ ভেকছিনৰ তিনিটা জেব লাভ কৰিছে।

তেওঁৰ জ্যেষ্ঠ পুত্ৰ প্ৰিন্স চাৰ্লছ আৰু বোৱাৰী কেমিলা শেহতীয়াকৈ ক’ভিদ-১৯ ত আক্ৰান্ত হৈছিল।