NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰণৰ প্ৰচেষ্টাক স্বীকৃতি আমেৰিকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 3:34 pm
WhatsApp Image 2020-09-11 at 7.10.02 AM

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নেতৃত্বৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সু দ্বিপাক্ষিক সম্পৰ্কৰ চিন স্বৰূপে প্ৰধান মন্ত্ৰী মোদীলৈ ‘লিজিয়ন অফ মেৰিট’ সন্মান আগবঢ়াই।

আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰনজিত সিং সান্ধুৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ হোৱাইট হাউচত এই সন্মান গ্ৰহণ কৰে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা ৰবাৰ্ট অ’ ব্ৰায়ানৰ পৰা ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকীয়ে পুৰস্কাৰটো গ্ৰহণ কৰে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও ৰাষ্ট্ৰপতি ট্ৰাম্পে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিলৈয়ো ‘লিজিয়ন অফ মেৰিট’ সন্মান আগবঢ়ায়।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্য্যকালত ভাৰত আৰু আমেৰিকাৰ মাজত ভালেসংখ্যক সামৰিক আৰু অসামৰিক চুক্তি স্বাক্ষৰ হৈছিল।

এই সময়ছোৱাত প্ৰধান মন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ উপৰিও ৰাষ্ট্ৰপতি ট্ৰাম্পেও সপত্নীক ভাৰত ভ্ৰমণলৈ আহিছিল।