NORTHEAST NOW (Assamese)
অসম

হতাশগ্ৰস্ত ভাৰতীয় দলক উৎসাহ অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 3:55 pm

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত লজ্জাজনক বেটিং প্ৰদৰ্শন কৰি শোচনীয় পৰাজয়ৰ সন্মুখিন হোৱা ভাৰতীয় দলক উৎসাহ দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে।

তাৰকা বেটছমেন ষ্টিভ স্মিথে ভাৰতীয় দলটোক উদ্দেশ্যি কয়, ‘যি হ’ল হ’ল….এতিয়া নিজকে যোগাত্মকভাৱে ৰখাৰ চেষ্টা কৰিব লাগে,’’ ভাৰতীয় দলটোক উদ্দেশ্যি স্মিথে কয়।

‘‘সদায় আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ, ব্যক্তিগতভাৱে সকলোৱে নিজৰ প্ৰতি লক্ষ্য কৰক আৰু দলৰ বাবে কেনেদৰে ভাল প্ৰদৰ্শন আগবঢ়াব পাৰি সেয়া চিন্তা কৰক,’’ স্মিথে লগতে কয়।

উল্লেখযোগ্য যে, এডিলেইটত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰাৰ পাছতো দ্বিতীয় ইনিংছত শোচনীয় প্ৰদৰ্শনেৰে মাত্ৰ ৩৬ ৰানত অলআউট হ’বলগীয়া হৈছিল।

ভাৰতীয় দলৰ এয়া আছিল টেষ্ট ইতিহাসত সৰ্বনিম্ন স্কোৰ।

প্ৰথমখন টেষ্টত ভাৰত পৰাজিত হোৱাৰ পাছত অষ্ট্ৰেলিয়াই ১-০ ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰিছে।