NORTHEAST NOW (Assamese)
অসম

৫৭টা শিশু ফুটবল দলৰ মহাৰণ; আৰম্ভ হ’ল গ্ৰেটাৰ গুৱাহাটী বেবী লীগ

Posted by: এন ই নাও নিউজ December 17, 2018 9:28 am
Guwahati- Baby League football (2)

ফুটবলৰ পৰিৱেশ ৰচনাৰ লক্ষ্যৰে কালি অৰ্থাৎ দেওবাৰৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়ামত গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আৰম্ভ হৈছে। মিজোৰাম আৰু মেঘালয়ৰ পিছতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত বেবী লীগ অনুষ্ঠিত হোৱা অসম হৈছে উত্তৰ-পূবৰ তৃতীয়খন ৰাজ্য।

প্ৰতিযোগিতাখনৰ আয়োজক স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্টে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি গুৱাহাটী চিটী এফ চি (জি চি এফ চি) আৰু অসম ফুটবল সংস্থাৰ সহযোগত আয়োজন কৰা এই লীগত ৫৭টা দলে ভাগ ল’ব। প্ৰায় চাৰি মাহ ধৰি প্ৰতি দেওবাৰে চলিব লগীয়া উক্ত প্ৰতিযোগিতাত শিশু খেলুৱৈসকলক ৪টা বয়সভিত্তিক গোটত ভাগ কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে।

কালিৰ উদ্বোধনী দিনৰ মেচসমূহৰ ভিতৰত অনূৰ্ধ্ব ৭ৰ এখন মেচত জি টি চি ৰাইনোজে ৰাজবাৰীয়ে এ চি ছাংহাইক ১১-০, গ’লত পৰাস্ত কৰাৰ লগতে অনূৰ্ধ্ব ৯ৰ মেচসমূহত মনোময় টাইগাৰ্ছক ইন্টাৰনেচনেল ৰাইডাৰ্ছে ৫-১ গ’লত, দিচপুৰ লায়ন্সে ৰাজবাৰী ছাংহাইক ২-০গ’লত আপু এন এফ আৰ চিতাহে ৰেইনবো এফ চিক ১৪-০ গ’লত হৰুৱায়।

তদুপৰি অনূৰ্ধ্ব ১১ (এ) শাখাত সংস্কৃতি ৱেৰিয়ৰ্ছে জি ৱাই এছ এফ চি চি বুল্‌ছক ৯-০ গ’ল, জি টি চি ৰাইনোজে সৰুসজাই হক্‌ছক ২-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে এন এফ আৰ চিতাহ আৰু মনোময় টাইগাৰ্ছৰ মাজৰ মেচ ড্ৰ হয়। অনূৰ্ধ্ব ১১ (বি) শাখাত জি ৱাই এছ এফ চি চি ড্ৰেগনছে ৰিংচাং ঈগলছক ২-০ গ’ল, এন এফ আৰ ক্ৰ’জে এ পি আৰ অ’ক ২-০ গ’ল আৰু সৰুসজাই শ্বাৰ্কছে দিচপুৰ লায়ন্সক ৫-০ গ’লত পৰাস্ত কৰে। আনহাতে অনূৰ্ধ্ব ১৩ৰ এখন মেচত দিচপুৰ লায়ন্সে এছগাৰ্ড এফ চিক ১-০ গ’লত পৰাস্ত কৰে।