NORTHEAST NOW (Assamese)
Popular Stories

ভুল স্বীকাৰ কৰিলে সঞ্জীৱ গোৱেংকাই! কে এল ৰাহুলৰ অভিমান ভাঙিবলৈ আয়োজন বিশেষ ভোজ-ভাত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 14, 2024 5:00 pm

কিছুদিন পূৰ্বে আই পি এলত হায়দৰাবাদৰ ওচৰত পৰাজয় বৰণ কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। যাৰ বাবে ক্ষোভিত হৈ দলটোৰ স্বতাধিকাৰী সঞ্জীৱ গোৱেংকাই খেলপথাৰতে অধিনায়ক কে এল ৰাহুলক তিৰস্কাৰ কৰে।

এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সকলো ক্ৰিকেট প্ৰেমীয়ে এই আচৰণৰ বাবে গোৱেংকাক ভৎসনা কৰে। শচীন তেণ্ডুলকাৰ আৰু মহম্মদ ছামীৰ দৰে ক্ৰিকেটাৰেও এই আচৰণৰ বাবে গোৱেংকাক সমালোচনা কৰে।

লগতে এই অপমানৰ পিছত দল ত্যাগৰ কথা ভাবিছিল কে এল ৰাহুলে।

উল্লেখ্য যে সোমবাৰে নিশা কেল এল ৰাহুলক নিজৰ ঘৰলৈ নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ জনাই গোৱেংকাই। সেয়ে এতিয়া ক্ৰিকেট জগতত চৰ্চা চলিছে যে ৰাহুলে দল এৰিব বুলি ভয় খাইছে নেকি গোৱেংকাই। দল এৰাৰ ভয়তেই ৰাহুলক নৈশ আহাৰলৈ মাতি ডেমেজ কন্ট্ৰল কৰাৰ প্ৰয়াস কৰিছে নেকি সঞ্জীৱ গোৱেংকাই।