NORTHEAST NOW (Assamese)
দেশ

পিতৃয়ে মানি লোৱা নাছিল পুত্ৰৰ সমকামী সম্পৰ্ক : সংগীৰ সৈতে মিলি পিতৃক হত্যা পুত্ৰৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 14, 2024 6:03 pm
পিতৃয়ে মানি লোৱা নাছিল পুত্ৰৰ সমকামী সম্পৰ্ক : সংগীৰ সৈতে মিলি পিতৃক হত্যা পুত্ৰৰ

মথুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুত্ৰৰ সমকামী সম্পৰ্কক লৈ হোৱা সংঘাতৰ বাবে পুত্ৰ আৰু পুত্ৰৰ সমকামী সংগীয়ে নৃশংসভাৱে হত্যা কৰে পিতৃক।

মথুৰাৰা আয়ৰা গাঁৱৰ সমীপৰ এটা বাকচত লুকুৱাই থোৱা আধা জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হয় পিতৃগৰাকীৰ মৃতদেহ।

ইয়াৰ পিছতে আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ আৰু চোৰাংচোৱাৰ তথ্যৰ সহায়ত হত্যাকাৰী পুত্ৰ অজিত শৰ্মাক চিনাক্ত কৰে। সংগী কৃষ্ণৰ সৈতে অজিতে পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক আটক কৰে। আৰক্ষীৰ জেৰাত অজিতে অপৰাধৰ আঁৰৰ উদ্দেশ্য স্বীকাৰ কৰি কৃষ্ণৰ সৈতে থকা সম্পৰ্ক পিতৃয়ে তীব্ৰ বিৰোধিতা কৰাৰ কথা সদৰী কৰে।

জানিব পৰা মতে, লোহাৰ ৰডেৰে মোহন লাল শৰ্মাক তেওঁলোকে কোবাই কোবাই হত্যা কৰে। ইয়াৰ পিছতে দোষীয়ে মৃতদেহটো বাকচত ভৰাই ৰায়া অঞ্চলত পেলাই দিয়ে।

তেওঁলোকে ভুক্তভোগীৰ মুখখন বিকৃত কৰি মৃতদেহটোত জুই লগাই দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে অজিত, কৃষ্ণ আৰু তেওঁলোকৰ সহযোগী লোকেশ আৰু দীপককো গ্ৰেপ্তাৰ কৰিছে।