NORTHEAST NOW (Assamese)
Popular Stories

‘স্বাভাৱিক মৃত্যু নহয়, ডিয়েগ’ মাৰাডোনাই কৰিছিল আত্মহ্ত্যা’!; কোনে কৰিলে এই বিস্ফোৰক দাবী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 4:09 pm
37098068-9074981-image-a-42_1608546629441

বিশ্ব ফুটবল ইতিহাসৰ জীৱন্ত কিংবদন্তি ডিয়েগ’ মাৰাডোনা খেলুৱৈ জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে আছিল বিতৰ্কৰ কেন্দ্ৰবিন্দু। এই কিংবদন্তি ফুটবলাৰগৰাকীক মৃত্যু পিছতো পিছ এৰা নাই বিতৰ্কই।

মাৰাডোনাৰ মৃত্যুত সমগ্ৰ বিশ্বই শোকত ম্ৰিয়মাণ হৈ থাকোতেই তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি বিতৰ্কৰ অৱতাৰণা হৈছিল।

হৃদযন্ত্ৰৰ ক্ৰিয়া হঠাতে স্তব্ধ হৈ মাৰাডোনাৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল যদিও তেওঁৰ চিকিৎসকৰ ভূমিকাক কেন্দ্ৰি কৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল।

সেই বিতৰ্কৰ ঢৌ সম্পূৰ্ণৰূপে মাৰ নৌযাওতেই এইবাৰ মাৰাডোনাৰ প্ৰাক্তন ব্যক্তিগত চিকিৎসক আলফ্ৰেডো কাহে দাবী কৰিছে যে হৃদৰোগত আক্ৰান্ত হ’লেও মাৰাডোনাই আত্মহত্যাহে কৰিছে।

চিকিৎসক আলফ্ৰাডোৰ এই দাবীৰ পিছতে সমগ্ৰ বিশ্বতে মাৰাডোনাৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অন্য এক বিতৰ্কৰ।

উল্লেখ্য যে, ১৯৭৭ চনৰ পৰা ২০০৭ চন পৰ্যন্ত দীৰ্ঘ সময় ধৰি মাৰাডোনাৰ ব্যক্তিগত চিকিৎসক আছিল আলফ্ৰাডো।

বিশ্বৰ এক আগশাৰী সংবাদ মাধ্যমত আলফ্ৰাডোৱে কয়, “ডিয়েগ’ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাটো এক ধৰণৰ আত্মহত্যাহে আছিল। মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছৰে পৰা ডিয়েগ’ মানসিক অৱসাদত ভুগিছিল। তেওঁ ঠিক মতে খোৱা-বোৱা কৰিব পৰা নাছিল। ঔষধ খাবলৈ বিচৰা নাছিল। গৃহবন্দী হৈ আছিল। কাকো সাক্ষাৎ কৰা নাছিল। ডিয়েগ’ৱে মৃত্যুৰ কিছুদিন পূৰ্বে প্ৰাক্তন বান্ধৱী ভেৰোনিকাৰ সৈতে কথা পাতিছিল। শুনিছো, ডিয়েগ’ বাৰে বাৰে ভেৰোনিকাক কৈছিল, তেওঁ জীয়াই থাকিব নোখোজে। আমাৰ মতে ডিয়েগ’ মৃত্যু হৈছে এক আত্মহত্যা।”

২০০৭ চনতো মাৰাডোনাই আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল বুলি বিস্ফোৰক দাবী কৰিছে চিকিৎসক আলফ্ৰাডোৱে।

“২০০৭ চনত ডিয়েগ’ৱে কিউবাৰ ৰাজপথত ইচ্ছা কৰিয়ে চলন্ত বাছত খুন্দা মাৰিছিল। কিন্তু তেওঁ সেইবাৰলৈ ৰক্ষা পৰিছিল। মই তেওঁ সুধিছিলো, তুমি কি আত্মহ্যতা কৰিব খুজিছিলা? ডিয়েগ’ৱে কৈছিল, হয়। আজি নোৱাৰিলো, কিন্তু ভৱিষ্যতে আকৌ এবাৰ কৰাৰ চেষ্টা কৰিম।” আলফ্ৰেডোৱে সাক্ষাৎকাৰটোত কয়।