NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ভূতে খেদি ফুৰিছে কংগ্ৰেছক; এইবাৰ বিজেপিৰ নেতাকে নিজৰ বুলি সোমালে দলৰ তালিকাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 4:11 pm

বিজেপিৰ নামত ভয়ত ত্ৰস্তমান হৈ পৰিছে কংগ্ৰেছ দল সেয়েহে কংগ্ৰেছ দলে নিজ দলৰ সাধাৰণ সম্পাদক হিচাপেও ভুলতে বিজেপিৰ নেতাৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ লৈছে।

মধ্যপ্ৰদেশত শেহতীয়াভাৱে সংঘটিত হৈছে এনে ঘটনা।

মধ্যপ্ৰদেশ যুৱ কংগ্ৰেছে শেহতীয়াভাৱে বিজেপি নেতা হৰ্চিত সিংহাইক জব্বলপুৰ গোটৰ সাধাৰণ সম্পাদক হিচাপে ভুলতে নিৰ্বাচিত কৰে।

পৰৱৰ্তী সময়ত যুৱ কংগ্ৰেছৰ তৰফৰ পৰা এই ভুলৰ সংশোধন কৰা হয়।

‘‘বিষয়টো মোৰ দৃষ্টি গোচৰ হোৱাৰ লগে লগে শীঘ্ৰে সিংহাইক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া জাননীৰ শুধৰণি কৰা হয়,’’ মধ্যপ্ৰদেশৰ যুৱ কংগ্ৰেছৰ মুখপাত্ৰই কয়।

উল্লেখযোগ্য যে, হৰ্চিত সিংহাই জ্যোতিৰাদিত্য সিদ্ধিয়াৰ সৈতে একেলগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে।

আনহাতে, কংগ্ৰেছ দলে বিজেপি নেতাৰ নাম নিজৰ নেতা হিচাপে অন্তৰ্ভূক্ত কৰাৰ পাছতে বিজেপিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ দলৰ মনোবল অতি নিম্ন স্তৰলৈ গতি কৰিছে বুলি উল্লেখ কৰি বিজেপি ভীতিয়ে কংগ্ৰেছক খেদি ফুৰিছে বুলি কয়।