NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

কৰ’ণা ত্ৰাস! সোমবাৰৰ পৰা পুনৰ লকডাউন ঘোষণা অষ্ট্ৰিয়াত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2021 6:23 pm
Austria Reimposes Lockdown From Monday

ক’ভিদ মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰিয়াই সকলোৰে বাবে লকডাউন আৰোপ কৰিব আৰু টিকাকৰণ বাধ্যতামূলক কৰিব। আজি এই কথা ঘোষণা কৰিছে চেঞ্চেলৰ আলেকজেণ্ডাৰ শ্বালেনবাৰ্গে।

“অষ্ট্ৰীয়াই অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰা কোভিড-১৯ টিকাকৰণ বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে সোমবাৰৰ পৰা লকডাউন পুনৰ আৰম্ভ হ’ব আৰু ১০ দিনৰ পিছত মূল্যাঙ্কন কৰা হ’ব।”— শ্বালেনবাৰ্গে কয়।

“কেইবা মাহধৰি অনুৰোধ জনোৱা স্বত্বেও আমি পৰ্যাপ্ত লোকক টিকাকৰণ কৰাৰ বাবে সৈমান কৰাত সফল হোৱা নাই” বুলি উল্লেখ কৰি শ্বালেনবাৰ্গে দেশখনৰ স্বাস্থ্য প্ৰণালীৰ ওপৰত আক্ৰমণৰ বাবে টিকাকৰণ কৰিবলৈ অস্বীকাৰ কৰা সকলক দোষাৰোপ কৰিছিল।

এই সপ্তাহৰ আৰম্ভণিতে অষ্ট্ৰিয়াই ইতিমধ্যে টিকাকৰণ নকৰা বা শেহতীয়াকৈ আৰোগ্য নোহোৱা সকলৰ বাবে লকডাউন আৰম্ভ কৰিছে। ক’ভিদ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা প্ৰথম ইউৰোপীয় ইউনিয়নৰ দেশ হৈ পৰিছে অষ্ট্ৰিয়া।

অন্যান্য ইউৰোপীয় দেশসমূহেও সমগ্ৰ মহাদেশত ঘটনাবৃদ্ধি হোৱাৰ লগে লগে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।