NORTHEAST NOW (Assamese)
অসম

যোৰহাটত নিজৰ মূৰত গুলী ২২ বছৰীয়া সেনা জোৱানৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য December 19, 2018 7:55 pm
Jorhat

যোৰহাটৰ লিচুবাৰীস্থিত সেনা শিবিৰত মঙলবাৰে নিশা নিজৰ মূৰত গুলীয়াই “আত্মহত্যা” কৰিছে পাৰ্থিবান পি নামৰ এজন জোৱানে।

সূত্ৰ অনুসৰি লিচুবাৰীৰ ৪১ চাব এৰিয়া মিলিটেৰি ষ্টে’চনত নিজৰ চাৰ্ভিচ ৰাইফলেৰে নিজকে গুলীয়াই ২২ বছৰীয়া জোৱানজনে।

আৰক্ষীয়ে ঘটনাটো “আত্মহত্যা” বুলিয়ে সন্দেহ কৰিছে যদিও তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে জোৱানজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে।

যোৱা নিশা বিষয়াৰ মেছৰ সমীপত কৰ্তব্যৰত অৱস্থাতে জোৱানজনে আত্মহত্যা কৰিছে, আৰক্ষীৰ দাবী।

পাৰ্থিবানৰ ঘৰ তামিলনাদুত।