NORTHEAST NOW (Assamese)
অসম

ভুল গোচৰত কাৰাদণ্ড! ৬ বছৰৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ত মুক্তি লাভ কৰিলে এজন ব্যক্তিয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 23, 2025 8:47 pm

২০১৮ চনৰ মে’ মাহৰ পৰা এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ অভিযোগত কাৰাগাৰত বন্দী হৈ থকা মনজিত কাৰ্কেট্টাক জামিন মঞ্জুৰ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। দৰাচলতে পিছত জানিব পৰা গৈছে যে মহিলাগৰাকী—ছোনী ওৰফে ছোটি—জীৱিত আছে আৰু মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

ন্যায়াধীশ গিৰীশ কাঠপালিয়াই তেওঁৰ ৰায়দানত মন্তব্য কৰি কয় যে, “এই গোচৰৰ তদন্তই আদালতৰ বিবেকক জোকাৰি যায়।” লগতে তেওঁ কয় যে তদন্তৰ দায়িত্বত থকা জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও সঠিকভাৱে নিৰীক্ষণ কৰা নাছিল।

মনজিতৰ অধিবক্তাই আদালতৰ আগত কয় যে অভিযুক্তগৰাকী ছবছৰ ধৰি কাৰাবন্দী হৈ আছে যদিও তেওঁ কাক হত্যা কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

২০১৮ চনত মিয়ানৱালী আৰক্ষী থানাত এগৰাকী মহিলাৰ মৃতদেহ টুকুৰা কৰি বেগত ভৰাই পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে মৃতদেহটো ছোনী ওৰফে ছোটি বুলি চিনাক্ত কৰা হয় যদিও পিছত জীৱিত অৱস্থাত উদ্ধাৰ হয়।

আদালতে ৰায়দানত কয় যে, “এজন ব্যক্তিৰ ইমান নৃশংসভাৱে মৃত্যু হোৱাটো অত্যন্ত দুখজনক, কিন্তু ইমান বছৰৰ পাছতো মৃতকৰ পৰিচয় নাপালে কেবল মাত্ৰ সেই কাৰণে মনজিতৰ স্বাধীনতা কাঢ়ি ল’ব নোৱাৰি।”