NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কাচিজানত বাগৰি পৰিল যাত্ৰীবাহী বাছ : গুৰুতৰভাৱে আহত ৩ জন

Posted by: এন ই নাও নিউজ March 11, 2018 10:16 pm
যাত্ৰীবাহী

দেওবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কাচিজানত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয়।

নিয়ন্ত্ৰন হেৰুৱাই এ এছ ০১ এইচ চি ৩৮১০ নম্বৰৰ বাছখন বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ৩৭ নং ৰাষ্টীয় ঘাইপথৰ ওপৰত বাগৰি পৰে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাত পতিত বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল আৰু ইয়াৰে ১৫ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আনহাতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলৰ ভিতৰত ৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত থকা তিনিওজনকে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ বিপৰীতে কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত ব্যক্তিকেইজনক আজাৰা চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয়লোকে প্ৰকাশ কৰা মতে বাছখন তীব্ৰবেগেৰে অহাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পথতৰ ওপৰতে বাগৰি পৰে। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে কিছুসময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত যান-জঁটৰ সৃষ্টি হয়।

অৱশ্যে পিছত আজাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাছখন আজাৰা আৰক্ষী থানালৈ লৈ যায়।