শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

কটন কলেজৰ অৱসৰপ্ৰাপ্ত দুজন শিক্ষকে সমাজলৈ এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। গুৱাহাটীৰ কালাপাহাৰত বাস কৰা ড০ পান্নালাল গোস্বামী আৰু তেওঁৰ পত্নী ড০ নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে নিজৰ গোটেই জীৱনৰ সাঁচতীয়া ১ কোটি টকা নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ দান কৰিছে। ড০ পান্নালাল গোস্বামীয়ে কটন কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত আৰু ড০ নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে সংস্কৃত বিভাগত অধ্যাপনা কৰিছিল।
এই বৃহৎ পৰিমাণৰ ধন বিশ্ববিদ্যালয়খনত সংস্কৃত শিক্ষাৰ প্ৰসাৰ আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ গৱেষণাৰ কামত ব্যৱহাৰ কৰিবলৈ দম্পতীহালৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে। সাধাৰণতে মানুহে গোটেই জীৱন কষ্ট কৰি উপাৰ্জন কৰা ধন অৱসৰৰ পিছত নিজৰ সুখ আৰু ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে সাঁচি ৰাখে বা বিভিন্ন ঠাইত বিনিয়োগ কৰে। কিন্তু নিজৰ সুখৰ কথা চিন্তা নকৰি সমাজৰ আৰু শিক্ষাৰ উন্নতিৰ বাবে সকলো ধন দান কৰা কাৰ্য সঁচাকৈয়ে এক বিৰল নিদৰ্শন।
এই প্ৰাক্তন শিক্ষক দম্পতীৰ মহানুভৱতাই সকলোকে আচৰিত কৰাৰ লগতে অনুপ্ৰাণিত কৰিছে। তেওঁলোকৰ এই দানে কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ক শৈক্ষিক দিশত আৰু অধিক আগুৱাই যোৱাত বহুখিনি সহায় কৰিব। সমাজৰ প্ৰতি থকা তেওঁলোকৰ এই দায়বদ্ধতা আৰু শিক্ষাৰ প্ৰতি থকা ভালপোৱা সদায়েই মানুহৰ মনত সজীৱ হৈ থাকিব।