বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

দেশৰ কাৰাগাৰত আবদ্ধ হৈ থকা বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীসকলৰ বাবে মানৱতাৰ খাতিৰত উচ্চতম ন্যায়ালয়ে এক নতুন নিৰ্দেশ জাৰি কৰিছে। তেওঁলোকৰ আগতীয়াকৈ মুক্তিৰ বাবে এক নিৰ্দিষ্ট নীতি প্ৰস্তুত কৰা হ’ব। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ইয়াক কাৰ্যকৰী কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে।
ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে অহা তিনি মাহৰ ভিতৰত এই নীতি প্ৰণয়নৰ সময়সীমা নিৰ্ধাৰণ কৰিছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ মতে, ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ (নালছা)ৰ আবেদনৰ ভিত্তিত দেশৰ শীৰ্ষ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান দিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ডিজিটেল ‘ই-কাৰাগাৰ’ পৰ্টেলৰ জৰিয়তে কয়দীসকলক আগতীয়াকৈ মুক্তিৰ বাবে সমগ্ৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
এই পৰ্টেলত স্বয়ংক্ৰিয় এলাৰ্ট আৰু সময়সীমা নিৰীক্ষণ থাকিব, যাৰ বাবে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰা সম্ভৱ হ’ব। ইয়াৰ উপৰিও পৰ্টেলটোৱে নিজাববীয়াকৈ সন্মতি প্ৰতিবেদন (কম্প্লাইয়েন্স ৰিপৰ্ট) তৈয়াৰ কৰিব পাৰিব। যিয়ে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণক বিষয়টো নিৰীক্ষণ কৰাত সহায় কৰিব। অৱশ্যে শীর্ষ আদালতে কয়দীসকলৰ সকলো ব্যক্তিগত তথ্য গোপনীয়ভাৱে ৰখা হ’ব বুলিও জনায়৷
এই ডিজিটেল আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতা বিচাৰিছে উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (এন আই চি)ক নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰই ৰাজ্যসমূহক প্ৰয়োজনীয় কাৰিকৰী সহায়, ডিজিটেল আন্তঃগাঁথনি, চফটৱেৰ বিকাশ, ৰক্ষণাবেক্ষণ আৰু কৰ্মীৰ প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিব লাগিব বুলি জনোৱা হৈছে।
আদালতে স্পষ্টভাৱে উল্লেখ কৰে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰস্তুত কৰা নতুন নীতিত কয়দীৰ মুক্তিৰ বাবে যোগ্যতাৰ মাপকাঠী আৰু আইনী প্ৰক্ৰিয়া স্পষ্টভাৱে উল্লেখ কৰা উচিত। কোনো ধৰণৰ খেলিমেলি হ’ব নালাগে। বন্দীসকলৰ কোনবোৰ শাৰীৰিক অৱস্থাক ‘মৃত্যুমুখী ৰোগ’ বুলি গণ্য কৰা হ’ব তাৰ এক একেধৰণৰ আৰু নিৰ্দিষ্ট সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব।