NORTHEAST NOW (Assamese)
অসম

“বিশেষ শ্ৰদ্ধাভাজন” অৰুণ জেটলিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2019 5:01 pm
Sonowal_Jetly

আজি হোজাইৰ এখন সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন বিত্ত মন্ত্ৰী আৰু প্ৰাক্তন গৃহ মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি দি নেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কেইবাদিনৰ অসুস্থতাত হাৰ মানি জেটলিৰ আজি দুপৰীয়া দিল্লীৰ এইমছত মৃত্যু হৈছিল।

“প্ৰাক্তন বিত্ত মন্ত্ৰীজনৰ মৃত্যুৰ বাতৰি পাই মই মৰ্মাহত হৈছো। …তেওঁৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি…” জেটলিৰ মৃত্যুত শোক প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা টোকাত সোণোৱালে কয়।

সোণোৱালে বিমুদ্ৰাকৰণ আৰু জি এছ টি প্ৰচলন কৰাৰ পদক্ষেপ সদায়ে জেটলিৰ কাৰ্য্যকালৰ এটা মানসূচক চিহ্ন হৈ থাকিব বুলি দাবী কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

উল্লেখ কৰিব পাৰি যে বিজেপিৰ কেন্দ্ৰীয় নেতাজন সোণোৱালৰ “বিশেষ শ্ৰদ্ধাভাজন” বুলি বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে।

এই বিশেষ শ্ৰদ্ধাৰ বাবেই সোণোৱালে এবাৰ দিল্লীৰ ৰাজপথতে জেটলিৰ ভৰি চুইছিল, যিটো দৃশ্যক লৈ বিতৰ্কৰ অৱতাৰণা কৰিছিল একাংশ বিৰোধীয়ে। সোণোৱালে ইয়াৰ প্ৰত্যুত্তৰত কৈছিল যে জ্যেষ্ঠজনৰ ভৰি স্পৰ্শ কৰাটো ভাৰতীয় আৰু অসমীয়া সংস্কৃতিৰ ভিতৰুৱা।