NORTHEAST NOW (Assamese)
দেশ

আজি মুকলি হ’ব ‘পঢ়ে ভাৰত’ অভিযান, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰিব মুকলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2022 10:36 am
Padhe Bharat

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নৱবৰ্ষৰ প্ৰথম দিনাই মুকলি কৰিব ‘পঢ়ে ভাৰত’ নামৰ এক নতুন কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত ১০০ দিনৰ পঢ়া অভিযান আৰম্ভ কৰা হ’ব।

এক বিবৃতিত কোৱা হৈছে যে ১০০ দিনৰ পঢ়া অভিযান বা ‘পঢ়ে ভাৰত’ অভিযানে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সৃষ্টিশীলতা, সমালোচনামূলক চিন্তা, মৌখিক আৰু লিখিত দুয়োধৰণে শব্দভাণ্ডাৰ প্ৰকাশ কৰাৰ সামৰ্থ্য উন্নত কৰাত সহায় কৰিব। এই অভিযানে বুনিয়াদী শ্ৰেণীৰ পৰা আৰু অষ্টম শ্ৰেণীত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ ওপৰত গুৰুত্ব দিব।

চৈধ্য সপ্তাহৰ বাবে এই অভিযান অব্যাহত ৰখা হ’ব। পঢ়ে ভাৰত অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে পঢ়া অভিযানৰ ওপৰত এক বিস্তৃত নিৰ্দেশনাও ভাগ বতৰা কৰিছে।

নিৰ্দেশনাৱলীত বয়সৰ ওপৰত ভিত্তি কৰি খণ্ডিত কাৰ্যকলাপৰ এক সাপ্তাহিক কেলেণ্ডাৰ আছে। শিক্ষাৰ্থীসকলে ঘৰত উপলব্ধ সম্পদৰ সহায়ত সম্পাদন কৰিব পৰাকৈ কাৰ্যকলাপবোৰ গঠন কৰা হৈছে।

শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে: “অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰি থকা শিশুসকল এই অভিযানৰ অংশ হ’ব। এই অভিযান ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১০ এপ্ৰিল ২০২২ লৈকে ১০০ দিনৰ বাবে আয়োজন কৰা হ’ব।”

শিশু, শিক্ষক, অভিভাৱক, সম্প্ৰদায়, শৈক্ষিক প্ৰশাসক আদিকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো অংশীদাৰৰ অংশগ্ৰহণ কৰা পঢ়ে ভাৰত অভিযানৰ মূল উদ্দেশ্য বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।