NORTHEAST NOW (Assamese)
অসম

অ’মিক্ৰণক লৈ আতংকিত হোৱাৰ কাৰণ নাই! কি ক’লে AIIMSৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2022 10:28 am
554115-randeep-new-750x375

কোভিড-১৯ৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণক লৈ অনাহক আতংকিত হোৱাৰ কোনো কাৰণ নাই। AIIMS ৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰিয়াই এইদৰে কয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক ডাঃ গুলেৰিয়াই কয় যে কৰ’নাৰ এই নতুন ভেৰিয়েন্ট অতি সংক্ৰামক। হাওঁফাওঁত তেনেকৈ নহ’লেও শ্বাসযন্ত্ৰৰ ওপৰৰ অংশত তথা শ্বাসনলীত ই প্ৰভাৱ পেলায়।

কিন্তু যি সকলৰ কোমৰ্বিডিটি নাই তেওঁলোকে অনাহক আতংকিত হোৱাৰ কাৰণ নাই। ডাঃ গুলেৰিয়াই অ’মিক্ৰণত আক্ৰান্ত হ’লে নিজকে কিছুদিন নিলগাই ৰখাৰ পৰামৰ্শ দিছে।

Also Read: ভুতৰ ওপৰত দানহ! অ’মিক্ৰণৰ আতংকৰ মাজতে এইবাৰ ওলাল ‘ফ্লোৰোনা’

ডাঃ গুলেৰিয়াই কয়, ‘’অ’মিক্ৰণে হাওঁফাওঁৰ সলনি শ্বাসনলীৰ অংশ তথা শ্বাসনলীক প্ৰভাৱিত কৰে। সেয়ে অক্সিজেন ছ্যেছুৰেশ্যন ড্ৰপ  বা ডেল্টাৰ দৰে আন জটিল লক্ষণসমূহ দেখা যোৱা নাই। সাধাৰণতে জ্বৰ, চৰ্দিলগা, ডিঙিৰ বিষ তথা শৰীৰৰ প্ৰচণ্ড বিষৰ দৰে লক্ষণসমূহ দেখা গৈছে। ইয়াৰ ভিতৰত কোনো লক্ষণ থাকিলে শৰীৰৰ পৰীক্ষা কৰিব। কিয়নো নিজকে নিলগাই ৰাখিব নোৱাৰিলে আপোনাৰ পৰাই আনৰ তালৈ সংক্ৰমণ বিয়পি পৰিব পাৰে।‘’

দেশত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তে এইমছৰ মুৰব্বীগৰাকীয়ে কয় যে অ’মিক্ৰণৰ প্ৰভাৱ সিমান গুৰুতৰ নহয়। সেয়ে অনাহক আতংকিত হোৱাৰ কোনো কাৰণ নাই।

Also Read:বিদায়ী বৰ্ষৰ অন্তিম দিনটোত গোলাঘাট আৰক্ষীৰ সাফল্য; পিষ্টলসহ পাঁচজন প্ৰাক্তন আনলা সদস্যক গ্ৰেপ্তাৰ

ডাঃ গুলেৰিয়াই কয়, ‘’আতংকিত হোৱাৰ প্ৰয়োজন নাই। যোৱাবাৰৰ দৰে কৰ’নাৰ নতুন ভেৰিয়েন্টটোৱে অক্সিজেন ছ্যেছুৰেশ্যন ব্যাপক হ্ৰাস নঘটায়। গতিকে যিসকলৰ কোমৰ্বিডিটি নাই তেওঁলোকে গৰতে আইছ’লেশ্যনত থকা উচিত। এনেয়ে হাস্পাতালৰ বিছনা বন্দী কৰি নাৰাখিব। অ’মিক্ৰণ আক্ৰান্ত হ’লে শীঘ্ৰেই সুস্থও হৈ উঠিব। ভয় নাখাব, সতৰ্ক হৈ থাকক।‘’