NORTHEAST NOW (Assamese)
দেশ

অতিৰিক্ত ক্লাছৰ নামত নাবালিকাক ধৰ্ষণ : গ্ৰেপ্তাৰ কোচিং চেন্টাৰৰ মালিক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 23, 2024 2:57 pm

অতিৰিক্ত ক্লাছ লোৱাৰ নামত ধৰ্ষণ কৰা হ’ল এগৰাকী নাবালিকাক। খোদ কোচিং চেন্টাৰৰ মালিকেই ধৰ্ষণ কৰিলে ছাত্ৰীক।

উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ খবৰ পোৱাৰ পিছতে কোচিং চেন্টাৰটোৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগীপৰিয়াল আৰু ছাত্ৰ-ছাত্ৰীসকলে

অভিযোগ দাখিল কৰাৰ লগে লগে আৰক্ষীয়ে ৪৯ বছৰীয়া অভিযুক্তক জেললৈ প্ৰেৰণ কৰে।

আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মতে সেই কোচিং চেণ্টাৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হয়।

অভিযোগ অনুসৰি, ঘটনাৰ দিনটোত কোচিং চেন্টাৰৰ মালিকে ১৫ বছৰীয়া কিশোৰীগৰাকীক ভাবুকি দি ধৰ্ষণ কৰিছিল।

অভিযোগ উত্থাপন হোৱাৰ লগে লগে কোচিং চেণ্টাৰৰ বাহিৰত বিশাল প্ৰতিবাদ আৰম্ভ হয়। অভিযুক্তক তেওঁলোকৰ হাতত গতাই দিবলৈ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে দাবী উত্থাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে টিউচন সম্পূৰ্ণ হোৱাৰ পিছতো অভিযুক্তই তেওঁলোকক কুৎসিত উদ্দেশ্যত বলপূৰ্বকভাৱে আটক কৰি ৰাখিছিল।

বাহিৰত প্ৰতিবাদ হোৱাত অভিযুক্ত কোচিং চেন্টাৰতে আবদ্ধ হৈ পৰে। এই খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ বৃহৎ বাহিনী সেই স্থানলৈ যায়। অভিযুক্তৰ বিৰুদ্ধে POCSO আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত অভিযোগ দাখিল কৰা হৈছে।