NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাজুলীত যুৱ ছাত্ৰ পৰিষদৰ ব্যাপক প্ৰতিবাদ

Posted by: মিটু খাটনিয়াৰ June 1, 2018 9:10 pm
Protest against Citizenship bill

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে তথা বিধেকখন বাতিল কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত ব্যাপক আন্দোলন গঢ়ি তুলিছে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ নেতৃত্বত আজি কেইবাটাও সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে জোঁৰ লৈ বিধেয়কখনৰ বিৰোধিতা কৰি মাজুলীৰ কমলাবাৰীৰ পৰা এক বিশাল সমদল উলিয়াই। হাজাৰ হাজাৰ লোকে অংশ গ্ৰহন কৰা সমদলটোত প্ৰতিবাদকাৰীসকলে ৰাইজক সজাগ আৰু সচেতন কৰি তোলাৰ লগতে বিধেয়কখনৰ বিৰুদ্ধে ঠিয় হবলৈ সকলোকে আহ্বান জনায়।

কেইবা শতাধিক যুৱ-ছাত্ৰই সমদলত ভাগ লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই ৰাজপথ কঁপাই তোলে।