NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক : খিলঞ্জীয়া মঞ্চৰ খানাপাৰাৰ সভালৈ বাইক লৈ আহি আছে ভিন্ন প্ৰান্তৰ প্ৰতিবাদী

June 23, 2018 10:58 pm · মিণ্টু দাস

বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে অনুপ চেতিয়া নেতৃত্বাধীন খিলঞ্জীয়া মঞ্চ, অসমে কাইলৈ ২৪ জুনত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা প্ৰতিবাদত ভাগ ল’বলৈ গুৱাহাটী অভিমুখে আহি আছে জিতেন দত্তৰ নেতৃত্বত ৫ শ বাইকত হাজাৰজন যুৱক।

যাত্ৰাপথত বিভিন্ন সজাগতা সভাত ভাগ লৈ জিতেন দত্তৰ লগতে আলফা নেতা মৃণাল হাজৰিকা, প্ৰবাল নেওগ, অন্টু চাওডাং, প্ৰাণজিৎ শইকীয়া, নৰেন গোহাঁই, দীপক বৰা, স্বপ্ননীল ডেকাৰজা, মুন বৰাও আহি থকা এই সমদলটোৱে আজি ৰাতিটো জাগীৰোডত কটাব।

‘হয় মৰিম, নহয় মাৰিম’ বিশ্বাস সাৰোগত কৰি ‘সমগ্ৰ অসমতে সজাগতা সৃষ্টি কৰাৰ বাবে’ এই প্ৰতিবাদী বাইক ৰে’লিটো উলিওৱা বুলি মন্তব্য কৰিছে জিতেন দত্তই।

চাওক খিলঞ্জীয়া মঞ্চ, অসমে ৰাজহুৱা কৰা ভিডিঅ’

https://www.facebook.com/jiten.dutta.5623/videos/890851141102819/?t=16

সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদীয়ে ভাগ ল’ব লগা এই সভাত ভাগ ল’বলৈ গুৱাহাটীৰ ‘যুৱশক্তিকো আহ্বান’ জনাইছে দত্তই।

নগাঁৱৰ হয়বৰগাঁৱৰ ভোটাই ডেকা খেলপথাৰৰ চহিদ বেদিত বন্তি প্ৰজ্জ্বলনেৰে বাইক ৰে’লিটো আৰম্ভ কৰে বিশিষ্ট অভিনেতা গুণ মহন্ত আৰু অনুপ চেতিয়াই। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ’লে অসমৰ ভাষা-সংস্কৃতি নিঃশেষ হৈ যাব। অসমবাসী অসমতে সংখ্যালঘুত পৰিণত হ’ব। চুবুৰীয়া ত্ৰিপুৰাৰ লোকসকলতকৈয়ো আমাৰ অসমীয়াৰ অৱস্থা বেয়াৰ ফালে গতি কৰিব,’ ক’লে অনুপ চেতিয়াই।

নামনি অসমৰ পৰা আহিব লগা প্ৰতিবাদীসকলে কাইলৈ ২৪ জুনৰ নলবাৰীৰ বৰকুৰা চকৰ পৰা পুৱা ৮.৩০ বজাত খানাপাৰালৈ বুলি যাত্ৰা আৰম্ভ কৰিব।

Related News