NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ

Posted by: এন ই নাও নিউজ May 14, 2018 7:37 am
Debabrata-Saikia

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনাৰ বাবে আব্দুল খালেকৰ দ্বাৰা উত্থাপিত সদস্যৰ ব্যক্তিগত এটা পৰি ৰোৱা প্ৰস্তাৱ সৰ্বসন্মতি ক্ৰমে অনুমোদন  জনোৱাৰ অৰ্থে বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে বিশেষ অধিৱেশনৰ দাবী কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপালক শীঘ্ৰেই বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী জনায় শইকীয়াই। দেওবাৰে তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাজ্যত সৃষ্টি কৰা পৰিৱেশ আৰু মুখ্যমন্ত্ৰীৰ গা-এৰা মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো বিধায়ক অসম চুক্তি কাৰ্যকৰী কৰিবৰ বাবে একত্ৰিত হোৱাটো জৰুৰী হৈ পৰিছে।

বিৰোধী দলপতি গৰাকীয়ে পুনৰ কয় যে যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনত পদত্যাগ কৰিম বুলিও কৈছে, গতিকে বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে আগ-ভাগ লোৱাটো উচিত।

উল্লেখোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আন কিছুমান দল-সংগঠনেও বিধানসবাৰ বিশেষ অধিৱেশনৰ দাবী কৰিছে। বিগত এমাহ ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ পৰিস্থিতি উত্তাল হৈ পৰিছে।

যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ শুনানিৰ বাবে আহোতে গুৱাহাটীত অসমৰ আটাইবোৰ জাতীয় দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি সমিতিৰ আগত মতামত প্ৰদান কৰিছে।