NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ সময়ত টিভি দৰ্শকৰ বাবে উভতি অহাৰ প্ৰস্তুতি চলাইছে ‘দ্যা কপিল শৰ্মা শ্ব’’ই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 5:56 pm
Story-12-6-1140x570

ল’কডাউনৰ সময়ত দৰ্শক নোহোৱাকৈ কপিল শৰ্মাই তেওঁৰ জনপ্ৰিয় ধাৰাবাহিক ‘দ্যা কপিল শৰ্মা শ্ব’’ৰ নতুন খণ্ডৰ বাবে শ্বুটিং আৰম্ভ কৰিব।

‘‘ধাৰাবাহিক খনৰ প্ৰযোজকে অনুষ্ঠানটোত কোনো লাইভ দৰ্শক নোহোৱাকৈ ধাৰাবাহিকখনৰ নতুন খণ্ডৰ শ্বুটিং কৰিব আৰু কপিল শৰ্মাই তেওঁৰ ঘৰৰ ভিতৰত থাকিয়ে শ্বুটিং সম্পূৰ্ণ কৰিব,’’ বলিউদ হাংগামাত প্ৰকাশিত এটা বাতৰিত এইদৰে প্ৰকাশ পাইছে।

ক’ৰ’না ভাইৰাছৰ বাবে আমেৰিকাৰ জনপ্ৰিয় টিভি অনুষ্ঠানৰ পৰিচালক জিমি ফেল’ন, জিমি কিম্মেল আৰু এলেন দেজেনাৰে দৰ্শক নোহোৱাকৈ অনুষ্ঠান পৰিবেশনৰ ব্যৱস্থা কৰিছে বুলি বলিউদ হাংগামাই উল্লেখ কৰিছে।

আমেৰিকাৰ এই জনপ্ৰিয় অনুষ্ঠান কেইটাৰ পৰিচালক সকলে ঘৰতে নতুন অনুষ্ঠানৰ শ্বুটিং আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু ভাৰতৰ জনপ্ৰিয় টিভি ষ্টাৰ কপিল শৰ্মায়ো তেওঁলোকক অনুকৰণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, অলপতে কপিল শৰ্মাই ল’কডাউনক প্ৰশংসা কৰি ল’কডাউনৰ ফলত তেওঁ পৰিয়ালৰ সৈতে মধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছে বুলি কৈছিল।