NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত CAB ৰ তীব্ৰ বিৰোধিতা কৰি জয় আই অসম ধ্বনি দিলে ৰিপুন বৰাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2019 5:14 pm
Ripun Borah

কেন্দ্ৰ চৰকাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত আজি ৰাজ্যসভাত গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন উত্থাপন কৰে।

ৰাজ্যসভাত উত্থাপিত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।

ৰাজ্যসভাত বিধেয়কখনৰ বিৰোধিতা কৰি ৰিপুন বৰাই গৃহ মন্ত্ৰ্যালয়ৰ হাতত পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ কিমান সংখ্যক লোক ভাৰতলৈ আহিছিল সেই সম্বন্ধে কোনোধৰণৰ সঠিক তথ্য নাই বুলি উল্লেখ কৰে।

২০১৪ চনলৈ অসমলৈ কিমান শৰনাৰ্থী আহিছিল সেই সম্পৰ্কতো কেন্দ্ৰ চৰকাৰ স্পষ্ট নহয় বুলি ৰিপুন বৰাই নিজৰ বক্তব্যত উল্লেখ কৰে।

আনহাতে, বিধেয়খন গৃহীত হ’লে এন আৰ চিৰ পৰা নাম বাদ পৰা বহু ভাৰতীয় নাগৰিকক বিদেশী সজাই ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব বুলিও ৰিপুন বৰাই কয়।

ৰাজ্যসভাত বিধেয়খনৰ বিৰোধিতা কৰি শেষত ৰিপুন বৰাই অসমীয়াত অসমে কেনেদৰে মোগল আৰু ইংৰাজ প্ৰতিহত কৰিছিল সেয়া উল্লেখ কৰি জয় আই অসম ধ্বনি দি কেব নামানো বুলি কয়।