NORTHEAST NOW (Assamese)
Popular Stories

কেবক লৈ অসম কলেজ শিক্ষক সংস্থাৰ সুবিধাবাদী স্থিতি; দৰং কলেজ শিক্ষক গোটৰ পদত্যাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2019 5:06 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চলি আন্দোলনক লৈ অসমত বৰ্তমান অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছে। সমাজৰ সকলো স্তৰৰ লোকেই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

কিন্তু এনে এক পৰিস্থিতিত বিধেয়কখনৰ সন্দৰ্ভত অসম কলেজ শিক্ষক সংস্থাই ‘দুৰ্বল, নিৰ্লিপ্ত তথা সুবিধাবাদী স্থিতি’ গ্ৰহণ কৰাৰ অভিযোগ আনিছে দৰং কলেজল শিক্ষক গোটে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে দৰং কলেজ শিক্ষক গোটে অসম কলেজ শিক্ষক সংস্থাৰ স্থিতিক তীব্ৰ ভাষাৰে গৰিহণা দি সংস্থাৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে।

দৰং কলেজ শিক্ষক গোটৰ সভাপতি স্বপ্নালী কাকতি আৰু সম্পাদক উক্তম কমাৰ স্বাক্ষৰিত বিজ্ঞপ্তিটোত কোৱা হয়, ‘জাতীয় দায়বদ্ধতালৈ লক্ষ্য ৰাখি দৰং মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে এই মূহুৰ্তৰ পৰাই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা গণ-আন্দোলনত সক্ৰিয়ভাৱে চামিল হোৱাৰ সিদ্ধান্ত লয়।‘