NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ মাজতে প্ৰশাসনৰ অনুমতিৰ পাছত মহানগৰীৰ ফিছফেডত মাছ বিচাৰি গ্ৰাহকৰ ভিৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 10, 2020 5:33 pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰাৰ পাছত দীৰ্ঘদিনৰ বাবে মাছৰ সোৱাদৰ পৰা বঞ্চিত হৈ আছিল গুৱাহাটী মহানগৰবাসী।

শুকুৰবাৰৰ পৰা প্ৰশাসনে নিৰ্ধাৰিত স্থানত মাছ বিক্ৰী কৰিব পাৰিব বুলি নিৰ্দশ দিয়াৰ পাছত আজি ৰূপনগৰস্থিত ফিছফেড অসমত স্থানীয় মাছৰ সোৱাদ ল’বলৈ ৰাতিপুৱাৰে পৰা গ্ৰাহকে মাছ বিছাৰি ভিৰ কৰে।

ফিছফেডৰ মাছৰ বাবে বহু সংখ্যক গ্ৰাহক ভিৰ কৰে যদিও প্ৰতিগৰাকী গ্ৰাহকে প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি চলি সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হাত ধুই হে মাছ ক্ৰয় কৰিবৈ ভিতৰত প্ৰৱেশ কৰে।

গ্ৰাহক সকলে যাতে কোনোকাৰণতে নীতি-নিয়ম উলংঘা কৰিব নোৱাৰে তাৰবাবে সেই স্থানত নিৰাপত্তাৰক্ষী বাহিনীও নিয়োগ কৰা হৈছিল।

আনহাতে, সম্পূৰ্ণ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুসৰি সতেজ মাছ সমূহ বিক্ৰী কৰা হৈছে।

ভাঙোন মিৰিকা মাছ প্ৰতিকেজিত ২৫০ টকা, গ্ৰাছ কৰ্প, ছিলভাৰ কৰ্প আৰু কমন কৰ্প প্ৰতি কেজিত ৩০০ টকাৰ বিপৰীতে  শ’ল, কাৱৈ আদি মাছৰ মূল্য প্ৰতি কেজিত ৪৫০ টকা নিৰ্ধাৰণ কৰি দিয়া হৈছিল।

দীৰ্ঘদিনৰ পৰা মাছৰ সোৱাদৰ পৰা বঞ্চিত হৈ থকা গুৱাহাটী মহানগৰ বাসীয়ে মাছ ক্ৰয় কৰিব পৰা বাবে চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে।