NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে অসমৰ বাবে ভাল খবৰ হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 10, 2020 5:31 pm
Himanta Biswa Sarma

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’নাইৰাছৰ আতংকৰ মাজতে শুকুৰবাৰে দিছে ৰাজ্যৰ বাবে এইসময়ৰ এটা ভাল খবৰ।

অসমৰ মুঠ পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ নমুনা পৰীক্ষাত নিগেটিভ আহিছে।

গুৱাহাটীত চিকিৎসাধীন দুগৰাকী আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা তিনিগৰাকী ৰোগীৰ নমুনা পৰীক্ষাত নিগেটিভ আহিছে।

কিন্তু ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই আৰোগ্য হৈ উঠা ৰোগীসকলক ভৰ্তি কৰোৱা দিনৰ পৰা ১৪দিনলৈকে চিকিৎসালয়ত ৰাখিব লাগিব।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰা মতে গুৱাহাটীৰ এগৰাকী ৰোগীৰ যোৱা , এপ্ৰিলত কৰা পৰীক্ষাত নিগেটিভ দেখুৱাইছে।

বুকুৰ এক্সৰে আৰু তেজ পৰীক্ষাত তেওঁৰ শৰীৰত ভাইৰাছৰ সংক্ৰমণ নাইকিয়া হৈ গৈছে বুলি দেখুৱাইছে।

কিন্তু তেওঁক ভৰ্তি কৰোৱা দিনৰ পৰা ১৪ দিন পৰ্যন্ত চিকিৎসালয়ত ৰখা হ’ব।

স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে অসমত চিকিৎসাধীন আন ৰোগীসকলৰো অৱস্থা বৰ্তমান ভাল।

অসমত এতিয়ালৈকে ২৯জন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। হাইলাকান্দিৰ এজন আক্ৰান্ত মৃত্যুমুখত পৰিছে।