NORTHEAST NOW (Assamese)
দেশ

পুনৰ ৰক্তাক্ত জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰ গুলীত দুই সেনা নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2023 6:18 pm
Two Army personnel killed in Jammu Kashmir

জম্মু-কাশ্মীৰত পুনৰ বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। উপত্যকাটোৰ ৰাজৌৰী জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন সেনা জোৱান নিহত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ৰাজৌৰী জিলাৰ বাজী মলৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে সেনা বাহিনী আৰু আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰিছিল।

এই অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত হোৱা গুলীবৰ্ষণত কেপ্তেইন ৰেংকৰ এজন সেনা বিষয়া আৰু এজন জোৱান নিহত হৈছে। এই সংঘৰ্ষত দুজন জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।

আহত জোৱান কেইগৰাকীক কাষৰীয়া এখন চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হৈছে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।

উল্লেখ্য যে, যোৱা সপ্তাহত ৰাজৌৰী জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষতো এজন সন্ত্ৰাসবাদী নিহত হৈছিল।

আনহাতে উপত্যকাটোৰ কুলগামত দুদিন ধৰি চলা শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত যোৱা ১৭ নৱেম্বৰত পাঁচ সন্ত্ৰাসবাদী সদস্য নিহত হৈছিল।