NORTHEAST NOW (Assamese)
অসম

বিশ্বব্যাপী খাদ্য সংকটৰ সমাধানত অৰিহণা যোগাবলৈ সাজু ৰাছিয়া: পুটিন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2022 12:23 pm

Russia wants to contribute to the world food crisis ৰাছিয়া বিশ্বব্যাপী খাদ্য সমস্যাৰ সমাধানত অংশগ্ৰহণ কৰিবলৈ আৰু বিশেষকৈ দৰিদ্ৰ দেশসমূহক সহায় কৰিবলৈ সাজু আছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেওবাৰে দেশখনৰ ‘কৃষি আৰু কৃষিজাত সামগ্ৰী প্ৰক্ৰিয়াকৰণ উদ্যোগ কৰ্মী দিৱস’ উপলক্ষে এক ভিডিঅ’ ভাষণত এই কথা সদৰী কৰে।

লগতে পঢ়ক: Mulayam Singh Yadav passes away: বৰ্ষীয়ান ৰাজনীতিক সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান

সংশ্লিষ্ট সকলোকে অভিনন্দন জনাই পুটিনে কয়, “কৃষি হৈছে ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰধান খণ্ড। বৰ্তমান এই খণ্ডটোৱে শক্তি আৰু নিৰ্ভৰযোগ্যতা লাভ কৰিছে। আশা কৰা হৈছে যে এই বছৰ অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰা হ’ব। কিছু বছৰ আগতে এই স্তৰ প্ৰাপ্ত কৰাটো অতি কঠিন বুলি গণ্য কৰা হৈছিল। কিন্তু, বৰ্তমান ৰাছিয়াৰ ৰপ্তানিৰ সম্ভাৱনা নিজৰ দেশৰ দৈনন্দিন সামগ্ৰীৰ চাহিদা পূৰণ কৰাৰ উপৰিও বৃদ্ধি পাইছে। সেয়েহে আমি দৰিদ্ৰ দেশবোৰক বিশেষভাৱে সহায় কৰিম।‘’

তেওঁ কয়, “বিশ্বব্যাপী খাদ্যকলৈ অহা প্ৰত্যাহ্বানসমূহত অৰিহণা যোগাবলৈ ৰাছিয়া সাজু। ইয়াৰ অধীনত দৰিদ্ৰ আৰু উন্নয়নশীল দেশসমূহক প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব।”

লগতে পঢ়ক: Microplastics in human breast milk: মাতৃদুগ্ধত প্লাষ্টিক! মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত? কি পৰামৰ্শ বিজ্ঞানীসকলৰ?

পুটিনে স্বীকাৰ কৰে যে অভূতপূৰ্ব পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে তেওঁৰ দেশৰ কৃষি খণ্ডই যথেষ্ট প্ৰতিকূলতাৰ সন্মুখীন হৈছে। অৱশ্যে চৰকাৰী সাহায্যৰ জৰিয়তে এই বাধাসমূহ সমাধান কৰা হ’ব বুলি তেওঁ কয়।