NORTHEAST NOW (Assamese)
Popular Stories

বিবাহৰ ৪ মাহৰ পিছতে যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী নয়নতৰা; সন্তানৰ পিতৃয়ে দিলে খৱৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2022 1:22 pm

Actor Nayantara became a mother of twins দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ভিগনেশ শিৱানে দেওবাৰে লক্ষ্মী পূজাৰ দিনাই তেওঁলোকৰ ভাল খবৰটো শ্বেয়াৰ কৰিছে। তেওঁ আৰু তেওঁৰ পত্নী অভিনেত্ৰী নয়নতৰা যমজ পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল।

বাতৰি অনুসৰি, তেওঁলোক ছাৰোগেচীৰ (ভাড়াতীয়া মাতৃ) জৰিয়তে পিতৃ-মাতৃ হৈছে। পৰিচালক ভিগনেশে টুইটাৰত সন্তান জন্মৰ ভাল খবৰটো শ্বেয়াৰ কৰিছে।

 

কেৱল সেয়াই নহয়, ভিগনেশে পুত্ৰ সন্তান দুটিৰ প্ৰথম ছবিও প্ৰকাশ কৰিছে।

তেওঁ টুইট কৰি লিখিছে, “নয়ন আৰু মই আম্মা আৰু আপ্পা হ’লো। আমাৰ ঘৰলৈ যমজ পুত্ৰ সন্তান আহিছে। আমাৰ সকলো প্ৰাৰ্থনা, আমাৰ পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ আৰু যিবোৰ ভাল সেয়া সকলো মিলি আমাৰ বাবে আশীৰ্বাদ হিচাপে  হৈ আহিছে এই পুত্ৰ সন্তান। আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছো।‘’

মন কৰিব লগীয়া যে ‘লেডী চুপাৰষ্টাৰ’ নয়নতৰাৰ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ পৰিচালক ভিগনেশ শিৱানৰ সৈতে দীঘলীয়া প্ৰেমৰ সম্পৰ্ক আছিল। এই বছৰৰ জুন মাহত তেওঁলোকে সেই প্ৰেমক সাৰ্থকতা প্ৰদান কৰি বিবাহপাশত আৱদ্ধ হৈছিল।

এই ৰোমান্টিক যুটীৰ বিবাহ অনুষ্ঠান তামিলনাডুৰ মহাবলিপুৰমৰ এখন হোটেলত অনুষ্ঠিত হৈছিল। সেই বিবাহৰ চাৰি মাহৰ পিছত তেওঁলোকৰ ঘৰ আলোকিত কৰি  জন্ম হ’ল যমজ সন্তানৰ!