NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডিফু চহৰ

June 9, 2018 9:56 am · নংগে টেৰাং

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিপক্ষে অসমৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে । শেহতীয়াভাৱে কাৰ্বি আংলং জিলাৰ ডিফু চহৰতো দেখা গ’ল গণ প্ৰতিবাদৰ সেই চিনাকী দৃশ্য।

শুকুৰবাৰে আছুৰ কাৰ্বি আংলং জিলা সমিতিয়ে স্থানীয় বিভিন্ন সংগঠনৰ সমৰ্থনত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিপক্ষে এটা বিৰাট প্ৰতিবাদী সমদল বাহিৰ কৰে।

এই প্ৰতিবাদী সমদল ডিফু ক্লাবৰ পৰা আৰম্ভ হৈ ডিফু বজাৰৰ মাজেৰে গৈ পুনৰ ডিফু ক্লাবত সমাপ্ত হয়।

আছুৰ ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ছোৰজুন হাঞ্চেই কয়, ‘কেন্দ্ৰই বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিল কৰিব লাগে। যদি মেঘালয় চৰকাৰৰ কেবিনেট কমিটীয়ে এই বিধেয়কৰ বিৰোধিতা কৰিব পাৰে, অসম চৰকাৰে নোৱাৰে কিয়?’

তেওঁ আৰু কয়, ‘যদিহে অসম চুক্তি বলৱৎ হয়, তেন্তে অসমৰ খিলঞ্জীয়া বাসিন্দাসকল সুৰক্ষিত হ’ব। যথেষ্ট সংখ্যক অবৈধ নাগৰিক প্ৰৱেশ কৰি থকা ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব লাগে।’

অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ বাবে ভাৰত আৰু বাংলাদেশ চৰকাৰ দ্বিপাক্ষিক আলোচনাত বহিব লাগে।

কাৰ্বি ছাত্ৰ সন্থাৰ (KSA), ছিমিওন ৰংফাৰৰ গোট, কাৰ্বি উইমেন জাষ্টিছ ফ’ৰাম, কাৰ্বি লামেত আমেই, ডিফু মছজিদ সমাজ, তাই আহোম সাংস্কৃতিক সমাজ, সদৌ ডিমাছা ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, কাৰ্বি আংলং মহিলা সমিতি, ষ্টুডেণ্টছ এণ্ড য়ুথ ফ’ৰ জাষ্টিছ আদি সংগঠনে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।

Related News