NORTHEAST NOW (Assamese)

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক নহ’লে বিপ্লৱৰ বাবে সাজু থাকক’ : জুবিন গাৰ্গ

May 8, 2018 10:52 am · এন ই নাও নিউজ
জুবিন গাৰ্গৰ ফাইল ছবি।

৭ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুনানি গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই শুনানিত অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে শিল্পী সমাজেও অংশ গ্ৰহণ কৰে।

শেহতীয়াকৈ শিল্পী সমাজৰ বিখ্যাত কণ্ঠশিল্পী তথা জনপ্ৰিয় গায়ক জুবিন গাৰ্গেও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কণ্ঠশিল্পী গৰাকীয়ে ৰাজ্যৰ বাহিৰত থকাৰ বাবে শুনানিত উপস্থিত থাকিব নোৱাৰা বুলি উল্লেখ কৰি ৭ এপ্ৰিলৰ নিশায়ে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু বাংলাদেশীৰ নামত ধৰ্মৰ ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায়।

লগতে কণ্ঠশিল্পী গৰাকীয়ে অসমীয়া জাতিৰ সত্তা বৰ্তমান সময়ত জীয়াই ৰখাটো কঠিন পৰিছে বুলি উল্লেখ কৰি জাতিৰ সংকটৰ সময়ত সকলোকে একগোট হ’বলৈও আহ্বান জনায়।

কণ্ঠশিল্পী গৰাকীয়ে পূৰ্বতে বাংলাদেশী সমস্যাক লৈ যি সমস্যা অসমবাসীয়ে সন্মুখীন হৈছে আৰু তাৰ বিনিময়ত যি বলিদান অসমবাসীয়ে দি থৈছে তাক কেতিয়াও অথলে যাবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে।

তাৰোপৰি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বাবে দাবী জনাই অন্যথা দুয়োখন চৰকাৰকে বিপ্লৱৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলি সকীয়নি প্ৰদান কৰে।

Related News