NORTHEAST NOW (Assamese)
Popular Stories

নাগৰিকত্ব সংশোধনী বিধেয়ক : বেংগালুৰুত প্ৰতিবাদৰ সন্মুখীন সৰ্বানন্দ সোণোৱাল

Posted by: এন ই নাও নিউজ May 10, 2018 8:34 am
sarbananda-sonowal

নাগৰিকত্ব সংশোধনী বিধেয়কক ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ মাজতে এইবাৰ বেংগালুৰুত একেই কাৰণত অসমৰ নাগৰিকসকলৰ প্ৰতিবাদৰ সন্মুখীন হ’ল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে মঙলবাৰে বাংগালুৰুত উপস্থিত হোৱা মুখ্য মন্ত্ৰী সোণোৱালক উক্ত বিধেয়কখন বাতিল কৰাৰ দাবীত বেংগালুৰুত থকা অসমৰ তিনিটা সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক-পত্ৰ প্ৰদান কৰা আছাম এছ’চিয়েশ্যন অব বেংগালুৰু, আছাম ছ’চাইটী অব বেংগালুৰু আৰু শ্ৰীমন্ত শংকৰদেৱ কালচাৰেল ছ’চাইটী, বেংগালুৰুৱে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ৰ বিৰোধিতা কৰাৰ লগতে বিধেয়কখন বাতিলৰ বাবে অসম চৰকাৰক তৎপৰতা  দেখুৱাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীয়ে বাংগালুৰুত থকা অসমীয়া নাগৰিকসকলৰ সৈতে মিলিত হৈ ভোজমেলত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও  বিধেয়কখনক কেন্দ্ৰ কৰি তাত থকা অসমৰ নাগৰিকসকলৰ ক্ষোভৰ উমান পাই ভোজমেল বাতিল কৰি গুৱাহাটীলৈ উভতিব লগীয়া হয়।

আনহাতে বেংগালুৰুত  থকা অসমৰ  নাগৰিকসকলক এই পদক্ষেপক অসমপ্ৰেমী আনলোকৰ লগতে কৃষক নেতা অখিল গগৈয়েও শলাগ লয়। কালি গগৈয়ে বেংগালুৰুত থকা অসমৰ নাগৰিকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি জাতীয়তাবোধ আৰু দেশপ্ৰেমৰ পৰিচয় দিলে বুলি মন্তব্য কৰে।