NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মেঘালয়ৰ জনজাতীয়, যুৱ তথা ছাত্ৰ সংগঠন

Posted by: এন ই নাও নিউজ May 10, 2018 9:00 am
bill-2-570x320

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰি মেঘালয়ৰ কেবিনেটে লোৱা সিদ্ধান্তৰ পিছতে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে কেইবাটাও জনজাতীয়, যুৱ আৰু ছাত্ৰ সংগঠনে মুকলিকৈ মত ব্যক্ত কৰিছে।

সংগঠনকেইটাৰ মত হৈছে বিধেয়কখনে অঞ্চলটোৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ অস্তিত্ব তথা ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

হাইনেইউট্ৰেপ নেশ্যনেল য়ুথ ফ্ৰন্ট (এইচ এন ৱাই এফ) আৰু অল জয়ন্তীয়া য়ুথ ৱেলফেয়াৰ অ’ৰ্গেনাইজেশ্যন (এ জে ৱাই ডব্লিউ অ’) ও দৃঢ় ভাৱে মত পোষণ কৰে যে বিধেয়কখন গৃহীত হ’লে ৰাজ্যখনৰ জনগোষ্ঠীসমূহ আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভয়াবহ পৰিণতিৰ সৃষ্টি হ’ব।

এইচ এন ৱাই এফৰ পৰা পূব খাচী পাহাৰৰ উপায়ুক্তক প্ৰদান কৰা এখন আবেদনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰি তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে ফেডাৰেশ্যন অফ খাচী-জয়ন্তীয়া এণ্ড গাৰো পীপল (এফ কে জে জি পি) এ বৃহস্পতিবাৰে প্ৰস্তাৱিত বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব।

এইচ এন ৱাই এফকে ধৰি কেইবাটাও দল আৰু সংগঠনে উক্ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীক সমৰ্থন আগবঢ়োৱাৰ লগতে অংশগ্ৰহণ কৰিব।

এইচ এন ৱাই এফে উপায়ুক্তক প্ৰদান কৰা আবেদনখনত দাবী কৰিছে যে অবৈধ প্ৰব্ৰজনকাৰীৰ অনুপ্ৰৱেশে ইতিমধ্যে ৰাজ্যখনত বোজাৰ সৃষ্টি কৰিছে আৰু হিন্দু বাংলাদেশীৰ সংস্থাপনে সমস্যাটো অধিক গভাৰ কৰি তুলিব।

আনহাতে, অল জয়ন্তীয়া য়ুথ ৱেলফেয়াৰ অ’ৰ্গেনাইজেশ্যন (এ জে ৱাই ডব্লিউ অ’)এ মত প্ৰকাশ কৰে যে প্ৰস্তাৱিত বিধেয়কখনে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত কৰিব।