NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কলিয়াবৰ অগপৰ অৱস্থান ধৰ্মঘট

Posted by: ৰিদিপ শৰ্মা May 15, 2018 9:41 am
IMG-20180514-WA0088

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে কলিয়াবৰতো ব্যাপক প্ৰতিবাদ সাব্যস্ত হ’ল। সোমবাৰে অসম গণ পৰিষদ চমুকৈ অগপ দলৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতি সমূহৰ সহযোগত কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰাতিপুৱাৰে পৰা অৱস্থান ধৰ্মঘট আৰু গণ স্বাক্ষৰ অভিযানৰে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অগপৰ এই প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰ জিলা সমিতিৰ লগতে বিভিন্ন অঞ্চলৰ কেইবাশ লোকে অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰা দেখা যায়।

প্ৰতিবাদকাৰী সকলে কোনো কাৰণত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান তথা ৰঙা দলিছা পাৰি দিয়া নহ’ব, বুলি স্পষ্ট ৰূপত দলৰ স্থিতি প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

আনহাতে সন্ধিয়া অগপৰ কলিয়াবৰ জিলা সমিতি, যুৱ পৰিষদৰ লগতে কেইবাটাও বিভিন্ন দল সংগঠনৰ নেত্ৰীবৃন্দ এক গোট হৈ কুঁৱৰীটোলৰ মাজ মজিয়াত এটা বিশাল জোঁৰ সমদল উলিয়াই।