NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাত এক লাখ নাগৰিকৰ স্বাক্ষৰ সহ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব মৰাণ ছাত্ৰ সন্থাই

May 16, 2018 11:47 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰা মৰাণ ছাত্ৰ সন্থাই এই বিধেয়কখনৰ বিৰোধিতা কৰা অসমৰ এক লাখ লোকৰ স্বাক্ষৰ সংগ্ৰহৰ পৰিকল্পনা লৈছে।

তাৰ পাছত এই স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ, দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিব।

১৫ মে’ত তিনিচুকীয়াৰ সৰ্বানন্দ সিংহ নগৰস্থিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোচা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰেছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰতাপ মৰাণে।

সংগঠনটোৰ নেতৃত্বই জনোৱামতে, ১০ হেজাৰ জাতীয়, জনগোষ্ঠীয় আৰু তৃণমূল পৰ্যায়লৈকে থকা সামাজিক সংগঠনৰো সুকীয়া-সুকীয়াকৈ স্বাক্ষৰ গ্ৰহণ কৰা হ’ব।

সংগঠনটোৰ পৰা প্ৰচাৰিত প্ৰেছ বিবৃতিটোত অসম আৰু সন্মিলিত উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া সমাজ জীৱনক ধ্বংসৰ মুখলৈ ঠেলি দিবৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা ঔপনিৱেশিক প্ৰচেষ্টাৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ ৰাইজ ঐক্যবদ্ধ। তেওঁলোকে জনোৱামতে, এই স্বাক্ষৰ অভিযানৰ অন্তত ২৩ মে’ত এটা প্ৰতিবাদী সমদল উলিয়াই জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়লৈ গৈ স্মাৰকপত্ৰ প্ৰদান কৰিব।

সংগঠনটোৰ পৰা কোৱা হয় যে কেন্দ্ৰই ঔপনিৱেশিক চৰিত্ৰ বন্ধ কৰিবই লাগিব। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰিব লাগিবই।

Related News