NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সমদল

Posted by: মিটু খাটনিয়াৰ May 18, 2018 2:35 pm
Supporters hold party flags during an election campaign rally by India's ruling Congress party president Gandhi in Mumbai

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে দল-সংগঠন, শিল্পী-সাহিত্যিককে ধৰি সৰ্বসাধাৰণ লোক প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে  আজি মাজুলী জিলা কংগ্ৰেছৰ উদ্যোগত হাজাৰ হাজাৰ লোকে বিধেয়কখন বাতিলৰ দাবীত উত্তাল কৰি তোলে জিলা সদৰ গড়মূৰ।

মাজুলী জিলা সদৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বাহিৰ কৰা হয় উক্ত প্ৰতিবাদী সমদল। সমদলত কংগ্ৰেছ সমৰ্থক প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি ‘গ বেক’, ‘মুখ্য মন্ত্ৰী লেই লেই ছেই ছেই’ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ আৰু দাবীৰ পৰিপেক্ষিতত মাজুলীৰ জিলা উপায়ুক্তই প্ৰতিবাদকাৰীৰ পৰা স্মাৰক পত্ৰ গ্ৰহন কৰে।

উল্লেখ্য যে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ খোদ নিজৰ সমষ্টি মাজুলীতে ব্যাপক গণ বিক্ষোভৰ সম্মুখীন হ’ব লগা হৈছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।