NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত ফুলগুৰিত গণ স্বাক্ষৰ অভিযান

May 27, 2018 10:38 am · মিন্টূ দাস

নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনেৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত হিন্দু-বাংলাদেশী সংস্থাপন কৰাৰ অভিসন্ধিৰ বিৰুদ্ধে ৰহা সমষ্টিত প্ৰতিবাদী কাৰ্যসূচীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

শনিবাৰে অগপৰ ৰহা সমষ্টিৰ জাগীয়াল জিলা পৰিষদ সমিতিৰ উদ্যোগত গণ-স্বাক্ষৰ কাৰ্যসূচী ফুলিগুৰিত ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাওঁ জিলা সমিতিৰ সভাপতি অতুল চন্দ্ৰ মেধিয়ে।

অগপৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ্ম গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে- বৃটিছৰ শাসন-শোষণৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰিত হৈছিল, কৃষক শ্বহীদ হৈছিল, পংগু হৈছিল আৰু কলীয়াপানীত কাৰাবাস খাতিব লগা হৈছিল।

ঐতিহাসিক অসম আন্দোলনত জপিয়াই পৰি এই অঞ্চলত ২৫ জনকৈ অধিক শ্বহীদ হৈছিল আৰু সহস্ৰজন পংগু হৈছিল। এতিয়া এই বিধেয়কখনৰ বিৰুদ্ধেও ফুলগুৰিত সহস্ৰজনে আত্মবলিদান দিবলৈও সাজু হৈ আছে।

হাজাৰৰো অধিক ব্যক্তিয়ে স্বাক্ষৰ কৰা এই কাৰ্যসূচী জাগীয়াল জিলা পৰিষদ সমিতিৰ সভাপতি ভুৱনেশ্বৰ শৰ্মা, জিলা সমিতিৰ সংগঠনিক সম্পাদক কেশৱ চন্দ্ৰ দাস, সহ-সম্পাদক চন্দ্ৰ প্ৰসাদ বৰা, ভবেন্দ্ৰ বাগীশ, নাৰায়ণ ভূঞা, সন্তৰাম হাজৰিকা, চন্দ্ৰ শইকীয়া, নৰেন বৰা, সুন্তী হাজৰিকাকে ধৰি কেবা শতাধিক অগপ নেতা-কৰ্মী উপস্থিত থাকে।

Related News