NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বোকাখাতত আছুৰ গণবিক্ষোভ

Posted by: উত্তম শইকীয়া May 29, 2018 6:06 pm
Protest against Citizenship bill

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ আন ঠাইৰ লগতে বোকাখাততো বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বোকাখাতৰ প্ৰায় ৮০ টা দল-সংগঠনৰ প্ৰতিনিধিয়ে আছুৰ আহ্বানত এই বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহন কৰে।

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ উপৰি বোকাখাতৰ বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰ, জেষ্ঠ নাগৰিক মঞ্চৰ চৈয়দ আনিচুৰ ৰহমান, পুৱতি সাহিত্য সভাৰ সভানেত্ৰী কল্পনা চেতিয়া, সম্পাদিকা গীতাঞ্জলি কলিতা, প্ৰাক্তন আছু নেতা নৱাগত শইকীয়া আদি উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায় ৷

আছুৰ বোকাখাত গোটৰ সম্পাদক সত্যব্ৰত ভূঞাই আঁত ধৰা অনুষ্ঠানটোত আছুৰ বোকাখাত গোটৰ উপদেষ্টা দাদুল বৰা, ৰিদিপ ভূষণ নাথ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপজ্যোতি ঠাকুৰীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰে।

ৰাজহুৱা খেলপথাৰত সমবেত বিক্ষোভকাৰীসকলে পিছত হাতত বিভিন্ন শ্ল’গানৰ প্লে’কাৰ্ড লৈ সমদল কৰি বোকাখাত চহৰ পৰিভ্ৰমন কৰে ৷ মন কৰিব লগীয়া যে আছুৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই বিক্ষোভ কাৰ্যসূচীত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে স্বতঃস্ফূৰ্ত অংশ গ্ৰহণ কৰা দেখা যায় ৷