NORTHEAST NOW (Assamese)
অসম

আঁচনিৰ ক্ষিপ্ৰ ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ সাংসদ তপন গগৈৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 24, 2019 7:35 am
IMG-20190823-WA0025

যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত শুকুৰবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা)ৰ এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত সাংসদ গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন জনহিতকৰ আৰু উন্নয়নমুখী আঁচনিৰ অগ্ৰগতিৰ বিস্তৃতভাৱে বুজ লয়।

আলোচনা কালত সাংসদ গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সাংসদগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে পৰ্যালোচনা অব্যাহত ৰাখিছে।

বৈঠকত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোণোৱাল উপস্থিত থাকে।

তদুপৰি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালি বৰদলৈ, অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ লগতে খণ্ড উন্নয়ন বিষয়া সকল, সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলো বৈঠকত উপস্থিত থাকে।

উল্লেখযোগ্য যে, জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা)ৰ এই বৈঠক ২৪ আগষ্ট, শনিবাৰেও অনুষ্ঠিত হ’ব।