NORTHEAST NOW (Assamese)
অসম

অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰ্যাণ্ড এম্বেছাদৰৰ বিৰুদ্ধে অভিযোগ তুলি ৰাষ্ট্ৰসংঘত লজ্জিত হ’ল পাকিস্তান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2019 8:07 am
PRIYANKA-AT-JAWAN-13636

জম্মু-কাশ্মীৰৰ পৰা বিজপি শাসিত কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৭৭ আৰু ৩৫(এ) বাতিল কৰাৰ পাছত ইয়াৰ প্ৰতিবাদ কৰিবলৈ গৈ বিশ্ব সম্প্ৰদায়ৰ ওচৰত বাৰে বাৰে লজ্জিত হৈছে পাকিস্তান।

এইবাৰ অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্যাণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাক ইউনিচেফৰ গুডউইল এম্বেছাদৰৰ পৰা বহিস্কাৰ কৰাৰ বাবে পাকিস্তানে জনোৱা আবেদন নাকচ কৰে ৰাষ্ট্ৰসংঘই।

প্ৰিয়ংকাই টুইটাৰত দেশৰ সেনাবাহিনীৰ সমৰ্থন কৰি প্ৰশংসা সূচক পোষ্ট দিয়াৰ পাছতে পাকিস্তানে এই সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ কাষ চাপে।

পাকিস্তানৰ ইমৰান খান কেবিনেটৰ মন্ত্ৰী শ্বিৰিন মাজাৰিয়ে প্ৰিয়ংকা বিৰুদ্ধে অভিযোগ লৈ চলিত সপ্তাহতে ৰাষ্ট্ৰসংঘৰ ওচৰত ইউনিছেফৰ পৰা প্ৰিয়ংকাক বহিস্কাৰৰ বাবে দাবী জনাইছিল।

আনহাতে, পাকিস্তানৰ অভিযোগৰ বিপৰীতে মত প্ৰকাশ কৰি ৰাষ্ট্ৰ সংঘৰ সচিৱ প্ৰধান এণ্টনিঅ’ গুৱেটৰেছৰ মুখপাত্ৰ ষ্টেফেন দুজাৰিয়ে ইউনিছেফৰ গুডউইল এম্বেছাদৰ সকল বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু তেওঁলোকৰ নিজাববীয়াকৈ মত প্ৰকাশৰ অধিকাৰ আছে বুলি কয়।

উল্লেখযোগ্য যে, চোপ্ৰাই বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাছতে ভাৰতীয় সৈন্যৰ সমৰ্থনত টুইটাৰ যোগে পোষ্ট দিছিল।