NORTHEAST NOW (Assamese)

নামনি সোৱণশিৰি বৃ্হৎ বান্ধৰ বৃ্হস্পতিবাৰে শুনানি : সেউজ ন্যায়াধিকৰণে পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ বৈধতা

February 13, 2018 9:19 pm · ৰাজীব ৰয়
নামনি সোৱণশিৰি বান্ধ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অহা বৃ্হস্পতিবাৰে নতুন দিল্লীত ২০০০ মেগাৱাট নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধিকৰণে বান্ধটো সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে গঠন কৰা বিশেষজ্ঞ সমিতিখনৰ বৈধতা সম্পৰ্কেও বিচাৰ কৰিব।

যোৱা সপ্তাহত ক’লকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱা সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ ডঃ জাৱাদ ৰহিম আৰু ডঃ নাগিন নন্দাই এই শুনানি গ্ৰহণ কৰিব।

তাৎপৰ্য্যপূৰ্ণভাৱে বৃ্হস্পতিবাৰে গুৱাহাটীত বিশেষজ্ঞ সমিতিৰ পৰৱৰ্তী বৈঠক আহ্বান কৰি কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে যোৱা মাহত এক নিৰ্দেশ জাৰি কৰিছিল।

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এই গোচৰটোৰ আবেদনকাৰী হ’ল আছাম পাব্লিক ৱৰ্কচ।

যোৱা সোমবাৰে এই সন্দৰ্ভত গুচৰীয়াৰ বক্তব্য শুনাৰ পিছত ন্যায়াধীশ ৰহিমে মত প্ৰকাশ কৰিছিল যে যিহেতু বিশেষজ্ঞ সমিতিখনৰ গঠনকে প্ৰত্যাহ্বান জনোৱা হৈছে, গতিকে উক্ত সমিতিখনে নিজৰ কাম কাজ অব্যাহত ৰখাটো উচিত নহ’ব আৰু সেয়ে সমিতিৰ আহ্বায়িত বৈঠক খন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

এ’ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই কয়, ‘পৰৱৰ্তী শুনানিত এই সমিতিখন গঠন কৰাৰ যুক্তিযুক্ততা লিখিতভাৱে দাখিল কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক  ন্যায়াধীশ ৰহিমে নিৰ্দেশ দিয়ে।’

এই তিনিজনীয়া বিশেষজ্ঞ সমিতিখনৰ সদস্যসকল হ’ল ডঃ প্ৰভাস পাণ্ডে, ডঃ আই দি গুপ্তা আৰু পি এম স্কট। সেউজ ন্যায়াধিকৰণে যোৱা বছৰ অক্টোবৰত দিয়া এক ৰায়ৰ আধাৰত ১৮ জানুৱাৰিত এ’ পি ডব্লিউৱে এই তিনিজনীয়া সমিতিখনৰ গঠনক প্ৰত্যাহ্বান জনাইছিল।

Related News