NORTHEAST NOW (Assamese)

নাম্বাৰপাৰাত অজগৰ উদ্ধাৰ : প্ৰকৃতি প্ৰেমী ৰাইজে গতাই দিলে বন বিভাগক

May 12, 2018 11:34 am · ইয়াছিন আলী
নাম্বাৰপাৰাত উদ্ধাৰ হোৱা অজগৰটো। ফটো : ইয়াছিন আলী

শুকুৰবাৰে বঙাইগাঁও জিলাৰ কোকিলাৰ নিকটৱৰ্তী নাম্বাৰপাৰাত এজন লোকে কৰায়ত্ব কৰিলে বৃহৎ আকাৰৰ এটা অজগৰ সাপ।

নাম্বাৰপাৰাৰ লালচান নামৰ লোক জনে গছৰ পৰা ধৰি আনে এই অজগৰ সাপটো। প্ৰায় ৩০ কেজি ওজন ১১ ফুট দীঘল সাপটো চাবলৈ স্থানীয় লোক ভৰি পৰে নাম্বাৰপাৰাত।

অতি যতনেৰে সাপটো ধৰি  কোকিলা আৰক্ষীৰ সহযোগত বনবিভাগক ৰাইজে গতাই দিয়ে। নাম্বাৰপাৰা, শৌলমাৰী, চাকলা অঞ্চলৰ জনসাধাৰণে যে জংঘলৰ পৰা ওলাই অহা জীৱ জন্তু দেখিলে তাক সযতনে ৰাখি বনবিভাগক গতাই দি প্ৰকৃতি প্ৰেমৰ পৰিচয় দিছে তাৰ বাবে সকলোৱে ধন্যবাদ জনায়।

বৰ্তমান প্ৰকৃতিৰ ওপৰত মানুহৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুসমূহৰ আৱাস স্থল সংকুচিত হৈ পৰা দেখা যায় আৰু ইয়াৰ পৰিণতিতে বন্যপ্ৰাণীসমূহ কেতিয়াবা জনাঞ্চললৈ ওলাই আহে।

সৰীসৃপ সমূহেও প্ৰায়েই খাদ্যৰ সন্ধানত ওলাই আহোতে মানুহৰ বসতি অঞ্চলত প্ৰৱেশ কৰে। প্ৰকৃতিপ্ৰেমী লোকে ইয়াক সযতনে বননিলৈ পঠিয়াই দিয়ে বা কেতিয়াবা তাক কৰায়ত্ব কৰি সন্তৰ্পনে বন বিভাগৰ হাতত গতাই দিয়ে।

Related News