NORTHEAST NOW (Assamese)
Uncategorized

নামৰূপত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ-২০১৬ৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান 

Posted by: অক্ষয় প্ৰণব কলিতা May 19, 2018 4:03 pm
Mass signature

অসমৰ বাবে অশনি-সংকেট কঢ়িয়াই অনাৰ বাবে তথা আইনৰ জৰিয়তে অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিবলৈ আগবঢ়া নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ২০১৬ৰ বিৰুদ্ধে নামৰূপত গণস্বাক্ষৰ অভিযান আৰম্ভ হৈছে। অগপৰ আঞ্চলিক কমিটীয়ে অসম গণ যুব পৰিষদৰ আঞ্চলিক কমিটীয়ে নামৰূপৰ ৰাইজৰ সহযোগত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ২০১৬ৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান. আৰম্ভ কৰিছে। অগপৰ স্থানীয় বিধায়ক নৰেন সোণোৱালে কয় যে ১৯৭১ৰ ২৫ মাৰ্চলৈকে অসমলৈ অহা সকলকহে অসমত গ্ৰহণ কৰা হ’ব আৰু বাকী সকলক অসমৰ পৰা বিতাড়িত কৰি দিয়া হ’ব।

গণ স্বাক্ষৰ অভিযানত উপস্থিত থকাসকলৰ ভিতৰত আছে অগপ যুব পৰিষদৰ আঞ্চলিক কমিটীৰ সভাপতি পাপু ভুঞা, অগপৰ আঞ্চলিক সম্পাদক ফুলু বৰুৱা, অগপৰ আঞ্চলিক পৰিষদৰ সভাপতি তিলেশ্বৰ বৰা, নামকৰূপ প্ৰেছ আৰু ছোচাইটী, অগপৰ জিলা সম্পাদক পুতল সোণোৱাল, অগপৰ কেন্দ্ৰীয় কমিটীৰ সদস্য ধ্ৰুব শইকীয়া ইত্যাদিৰ উপৰিও এই কাৰ্যসূচীত ১০,০০০তকৈও অধিক লোকে অংশগ্ৰহণ কৰে।