NORTHEAST NOW (Assamese)
অসম

নাৰীৰ বিৰুদ্ধে সংঘটিত অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

Posted by: অনন্ত স্মিথ March 26, 2018 1:47 pm
index

যি দেশত নাৰীৰ সন্মান নাই , সেই দেশৰ উন্নতি নাই। সমাজত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নাৰীৰ অধিকাৰসমূহো নিশ্চিত কৰিব লাগিব। বৰ্তমান অসমত সংঘটিত হৈ থকা নাৰীৰ প্ৰতি অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰত সষ্টি হৈছে প্ৰৱল  প্ৰতিবাদৰ ঢৌ।

নগাঁওৰ নাৰকীয় কিশোৰী ধৰ্ষণ আৰু মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণৰ বিৰুদ্ধে শিৱসাগৰৰ জাগৃত নাৰী সমাজ আৰু আহোম সেনাই সোমবাৰে পৃথক পৃথক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

জাগৃত নাৰী সমাজে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক দুঘণ্টীয়া অৱস্থাধ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি নগাঁওৰ নাৰকীয় কাণ্ডৰ গৰিহনা দি এনে কাণ্ডৰ লগত জড়িত অপৰাধীক কঠোৰ শাস্তি বিহি নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ আগত দাবী উত্থাপন কৰে।

আনহাতে, শিৱসাগৰ পুখুৰীৰ পাৰত আহোম সেনাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় বিলুপ্তিৰ চৰকাৰৰ সিদ্ধান্ত আৰু নগাঁও কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে আহোম সেনা।

চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয় বিলুপ্তি নাৰীৰ অধিকাৰত এক আঘাত বুলি মন্তৱ্য কৰে আহোম সেনাৰ নেতৃত্বই।

আনহাতে, নগাঁৱৰ ধৰ্ষণ কাণ্ডৰ দৰে অমানুষিক অপৰাধৰ লগত জড়িত অপৰাধীক কঠোৰতম শাস্তি প্ৰদানৰ বাবে চৰকাৰক কঠোৰ আইন প্ৰণয়নৰ বাবে সংগঠনটোৱে দাবী জনায়।